ডিমা হাছাও, 31 অক্টোবৰ :2021 চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ডিমা হাছাও জিলাত বিজেপি দলে এক প্ৰকাৰ প্ৰস্তুতি আৰম্ভ কৰিছে । শনিবাৰে মাইবাং দিছৰো কালচাৰেল ক্লাৱত ডিমা হাছাও জিলা বিজেপিৰ ST মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ।
মাইবাঙত অনুষ্ঠিত বিজেপি ST মৰ্চাৰ কাৰ্যনিৰ্বাহ সভাত উপস্থিত হৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সিইএম দেৱলাল গাৰ্লচাই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে জিলাৰ বিজেপি নেতাকৰ্মী সকলক সাজু হোৱাৰ আহ্বান জনাই কয় যে,অহা বিধানসভা নিৰ্বাচনত ৰাজ্যত সংখ্যা গৰিষ্ঠতালৈ বিজেপি দল শাসনত আহিব আৰু 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়লাভ নিশ্চিত বুলি মন্তব্য প্ৰদান ।