অসম

assam

ETV Bharat / state

জটিল ৰোগত আক্ৰান্ত লোকক অৱহেলা হাফলং প্ৰশাসনৰ - কৰ্তৃপক্ষক অবগত

বিগত এমাহ ধৰি হোম কোৱাৰেন্টাইন হোৱাৰ পিচতো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহাৰ্য সামগ্ৰী লাভ নকৰাৰ অভিযোগ ডিমা হাছাও জিলাৰ এজন লোকৰ ৷ কৰ্কট ৰোগ আৰু হৃদৰোগত আক্ৰান্ত হাফলঙৰ অঞ্জন দাস নামৰ লোকজনে কলিকতাৰ পৰা চিকিৎসা কৰি 18 জুনত হাফলংত উপস্থিত হোৱাৰ পিচত তেওঁক হোম কোৱাৰেন্টাইন হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল স্বাস্থ্য বিভাগৰ লোকে ৷ কিন্তু এমাহ হোম কোৱাৰেন্টাইন হোৱা লোকজনে চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সাহাৰ্য সামগ্ৰী লাভ নকৰা বুলি সাংবাদিকৰ আগত অভিযোগ প্ৰদান কৰে ৷

Assam Dima hasao Home quarantine man not providing help
জটিল ৰোগত আক্ৰান্ত লোকক অবহেলা হাফলং প্ৰশাসনৰ

By

Published : Jul 19, 2020, 4:07 PM IST

ডিমা হাছাও, 19 জুলাই : ক'ভিড-19 ৰ সক্ৰমণ ৰোধ কৰিবৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ কোৱাৰেন্টাইন চেন্টাৰৰ ব্যৱস্থা কৰিছিল ৷ ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে হোম কোৱাৰেন্টাইনৰো ব্য়ৱস্থা কৰিছিল প্ৰশাসনে ৷ কিন্তু বিগত এমাহ ধৰি হোম কোৱাৰেন্টাইন হোৱাৰ পিচতো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহাৰ্য সামগ্ৰী লাভ নকৰাৰ অভিযোগ ডিমা হাছাও জিলাৰ এজন লোকৰ ৷

জটিল ৰোগত আক্ৰান্ত লোকক অবহেলা হাফলং প্ৰশাসনৰ

জানিব পৰা মতে, কৰ্কট ৰোগ আৰু হৃদৰোগত আক্ৰান্ত হাফলঙৰ অঞ্জন দাস নামৰ লোকজনে কলিকতাৰ পৰা চিকিৎসা কৰি 18 জুনত হাফলংত উপস্থিত হোৱাৰ পিচত তেওঁক হোম কোৱাৰেন্টাইন হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল স্বাস্থ্য বিভাগৰ লোকে ৷ কিন্তু এমাহ হোম কোৱাৰেন্টাইন হোৱা লোকজনে চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ সাহাৰ্য সামগ্ৰী লাভ নকৰা বুলি সাংবাদিকৰ আগত অভিযোগ প্ৰদান কৰে ৷ আনকি, চিকিৎসাৰ নামত তেখেতক কোনো ধৰণৰ সা-সুবিধা প্ৰদান নকৰা বুলি অভিযোগ প্ৰদান কৰিছে ৷ পৰৱৰ্তী সময়ত লোকজনৰ 2 বাৰ স্বাব সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ অন্তত ফলাফল নিগেটিভ অহাত তেখেতক কোৱোৰেন্টাইন গৃহৰ পৰা মুকলি কৰি দিয়ে বুলি জানিব দিয়ে ৷

জটিল ৰোগত আক্ৰান্ত লোকক অবহেলা হাফলং প্ৰশাসনৰ

কিন্তু লোকজনে জনোৱা অনুসৰি, ৰাজ্যৰ বিত্তীয় আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 50 হাজাৰ টকা চৰকাৰীভাৱে আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নাছিল লোকজনৰ চিকিৎসাৰ বাবে ৷ হোম কোৱাৰেন্টাইনৰ সময়ত লোকজনে চিকিৎসা সামগ্ৰীৰ বাবে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কোনো ধৰণৰ সহায় নকৰা বুলি অভিযোগ উখাপন কৰিছে ৷

লগতে পঢ়ক :কোৱাৰেণ্টাইন কেন্দ্ৰত দাদাগিৰিঃ আটক চাৰি কংগ্ৰেছী নেতা

For All Latest Updates

ABOUT THE AUTHOR

...view details