অসম

assam

ETV Bharat / state

উমৰাংচোত আৰম্ভ হৈছে আমোৰ ফেলকণ চৰাইৰ আগমন - amore falcon bird

ফেলকণ চৰাইৰ বাবে এতিয়া বিখ্যাত হৈ পৰিছে উমৰাংচো ৷ অসম তথা বিভিন্ন ৰাজ্যৰ পৰা উমৰাংচোত নিউ টিংবুং গাঁৱৰ গলফ কোৰ্চ আৰু আমোৰ ফেলকণ চৰাই অহাৰ দৃশ্য উপভোগ কৰাৰ বাবে উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্য তথা অসমৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক অহা আৰম্ভ হৈছে উমৰাংচোলৈ ৷

উমৰাংচোত আৰম্ভ হৈছে আমোৰ ফেলকণ চৰাইৰ আগমন
উমৰাংচোত আৰম্ভ হৈছে আমোৰ ফেলকণ চৰাইৰ আগমন

By

Published : Nov 1, 2020, 12:54 PM IST

ডিমা হাছাও 1 নবেম্বৰ :ডিমা হাছাও জিলাৰ একমাত্ৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচো ৷ এই ফেলকণ চৰাইৰ বাবে এতিয়া বিখ্যাত হৈ পৰিছে উমৰাংচো ৷ উমৰাংচো পাণিমুৰ জলপ্ৰপাত, কঁপিলী হ্ৰদ আৰু নিউ টিংবুং গলফ কোৰ্চৰ বাবে এতিয়া দেশী বিদেশী পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থান হৈ পৰিছে ৷ এই ঠাইলৈ এতিয়া আমোৰ ফেলকণ চৰাই অহা আৰম্ভ হৈছে ।

উমৰাংচোত আৰম্ভ হৈছে আমোৰ ফেলকণ চৰাইৰ আগমন

প্ৰতি বছৰে অক্টোবৰ মাহৰ পৰাই উমৰাংচোত চাইবেৰিয়া, দক্ষিণ আফ্ৰিকাৰ পৰা আমোৰ ফেলকণ চৰাই অহা আৰম্ভ হয় ৷ এতিয়া আমোৰ ফেলকণ চৰাইৰ বাবে বিখ্যাত হৈ পৰিছে অসমৰ একমাত্ৰ পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংচো ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত প্ৰতি বছৰয়েই অনুষ্ঠিত হয় ফেলকণ উৎসৱ ৷ বৰ্তমান কৰ’ণা মহামাৰীৰ বাবেই এই বছৰ উমৰাংচোৰ নিউ টিংবুং গাঁৱত ফেলকণ উৎসৱ আয়োজন কৰা সম্ভৱ নহ’ল ৷ ইতিমধ্যে অসম তথা বিভিন্ন ৰাজ্যৰ পৰা উমৰাংচোৰ নিউ টিংবুং গাঁৱৰ গলফ কোৰ্চ আৰু আমোৰ ফেলকণ চৰাই অহাৰ দৃশ্য উপভোগ কৰাৰ বাবে উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্য তথা অসমৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক অহা আৰম্ভ হৈছে উমৰাংচোলৈ ৷

লগতে পঢ়ক:এইবাৰ অংক মাষ্টৰৰ ৰূপত বিধায়ক ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details