অসম

assam

By

Published : Apr 28, 2021, 10:42 PM IST

ETV Bharat / state

ডিমা-হাছাওত নতুনকৈ 13 গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড-19

ডিমা-হাছাওত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক'ভিড-19 এ ৷ জিলাখনত বুধবাৰে নতুনকৈ 13 গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় ।

ডিমা-হাছাওত 97 গৰাকী লৈ বৃদ্ধি ক'ভিড ৰোগীৰ সংখ্যা
ডিমা-হাছাওত 97 গৰাকী লৈ বৃদ্ধি ক'ভিড ৰোগীৰ সংখ্যা

ডিমা হাছাও, 28 এপ্ৰিল :ডিমা-হাছাও জিলাত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ । বুধবাৰে ডিমা হাছাও জিলাত নতুনকৈ 13 গৰাকী দেহত ক'ভিডৰ উপস্থিতি পোৱা যায় । ইয়াৰ লগে লগে জিলাখনত ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 97 গৰাকী লৈ বৃদ্ধি হয় ।

ইফালে, হাফলং ড'নবস্ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰ দেহত ক'ভিডৰ উপস্থিতি পোৱাৰ পাচতে বিদ্যালয় খনত জিলা প্ৰশাসনৰ ফালৰ পৰা চেনিটাইজৰ ব্যৱস্থা কৰা হয় ৷ তদুপৰি ষ্টেট বেংক হাফলং শাখাৰ চাৰি গৰাকী কৰ্মচাৰী দেহত ক'ভিডৰ উপস্থিতি পোৱা পাচতে হাফলং শাখাটোত চেনিটাইজ কৰাৰ লগতে শাখাটোৰ সকলো কৰ্মচাৰীকে ক'ভিড পৰীক্ষা কৰা হয় বুলি জানিব পৰা গৈছে ৷

ডিমা-হাছাওত 97 গৰাকী লৈ বৃদ্ধি ক'ভিড ৰোগীৰ সংখ্যা

ডিমা হাছাও জিলাত ক'ভিডত আক্ৰান্ত 97 গৰাকী ৰোগীৰ মাজতে 17 গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে । 14 গৰাকী ক'ভিড ৰোগীৰ হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ বিপৰীতে 76 গৰাকী ৰোগীৰ হোম আইচলেশ্যনত আছে ।

উল্লেখ্য যে, জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানত শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱাৰ পাচতো শিক্ষানুষ্ঠানৰ পাঠদান অব্যাহত আছে ৷ এনে ক্ষেত্ৰত অতি সোনকালে শিক্ষানুষ্ঠান সমূহ বন্ধ ৰাখিবলৈ ডিমা-হাছাও জিলা প্ৰশাসনত আহ্বান জনাইছে একাংশ সচেতন লোকে ৷

লগতে পঢ়ক: বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এজন

ABOUT THE AUTHOR

...view details