অসম

assam

ETV Bharat / state

উগ্ৰপন্থী সংগঠন ডিএনএলএৰ ডিমা হাছাওত 36 ঘন্টীয়া বন্ধৰ আহ্বান - আৰক্ষী

ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ আহ্বান কৰা 36 ঘণ্টীয়া বন্ধৰ ফলত ডিমা হাছাও জিলা সম্পূৰ্ণ বন্ধ হোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ সদৰ হাফলঙত বজাৰ, দোকান তথা সকলো প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহো বন্ধ থকা পৰিলক্ষিত হৈছে ৷

36-hour-dima-hasao-district-of
উগ্ৰপন্থী সংগঠন ডিএনএলএৰ ডিমা হাছাওত 36 ঘন্টীয়া বন্ধৰ আহ্বান

By

Published : Jan 25, 2021, 6:32 PM IST

ডিমা হাছাও, 25 জানুৱাৰী : ডিমাচা নেচনেল লিবাৰেচন আৰ্মী চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ আহ্বান কৰা 36 ঘণ্টীয়া বন্ধৰ ফলত ডিমা হাছাও জিলা সম্পূৰ্ণ বন্ধ হোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ সদৰ হাফলঙত বজাৰ, দোকান তথা সকলো প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহো বন্ধ থকা পৰিলক্ষিত হৈছে ৷

বন্ধৰ দৃশ্য

উল্লেখ্য যে, 2018 চনৰ 25 জানুৱাৰীত আৰক্ষীৰ গুলীত মাইবাং ৰেল ষ্টেচনত দুই গৰাকী যুৱকৰ মৃত্যু হৈছিল । নগালিমত ডিমা হাছাও জিলাৰ ভূমি অন্তৰ্ভুক্ত হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছত 25 জানুৱাৰীত পাহাৰীয়া জিলাখনৰ ডিমাচা জনগোষ্ঠীৰ বিভিন্ন সংগঠন মাইবাং ৰেল ষ্টেচনত ৰেল অৱৰোধ কৰি আন্দোলনত নামি পৰিছিল ৷ প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীয়ে গুলী চলোৱাৰ ফলত দুই গৰাকী যুৱকৰ মৃত্যু হৈছিল । যাৰবাবে 25 জানুৱাৰীৰ দিনটো ব্লেক ডে’ হিচাপে ঘোষণা কৰি বন্ধৰ আহ্বান কৰি আহিছে উগ্ৰপন্থী সংগঠনটোৱে ।

বন্ধৰ দৃশ্য

উল্লেখ্য যে, উগ্ৰপন্থী সংগঠন ডিমাচা নেচনেল লিবাৰেচন আৰ্মীৰ আহ্বান কৰা 36 ঘণ্টাৰ ডিমা হাছাও বন্ধ আৰম্ভ হৈছে দেওবাৰ সন্ধিয়া 5 টা বজাৰ পৰা আৰু 26 জানুৱাৰীৰ পুৱা 5 টা বজাত বন্ধ শেষ হ'ব বুলি সংগঠনটোৱে জানিব দিয়ে ।

লগতে পঢ়ক :কেৰালাৰ উপকূলত 6 বছৰীয়া শিশুৰ সাঁতোৰ প্ৰশিক্ষণ

ABOUT THE AUTHOR

...view details