অসম

assam

ETV Bharat / state

বহিঃৰাজ্যত আবদ্ধ সকললৈ হেল্প লাইন নম্বৰ মুকলি যুৱ কংগ্ৰেছৰ - হেল্প লাইন নম্বৰ মুকলি

বহিঃৰাজ্যত থকা সকললৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ বিশেষ পদক্ষেপ ৷ তিনিটাকৈ হেল্প-লাইন নম্বৰ মুকলি কৰে সংগঠনটোৱে ৷ লগতে শাসনাধীস্থ বিজেপি চৰকাৰ শলাগ লয় সংগঠনটোৱে ৷

youth congress
যুৱ কংগ্ৰেছৰ বিশেষ পদক্ষেপ, বহিঃৰাজ্যত আবদ্ধ সকললৈ হেল্প লাইন নম্বৰ মুকলি

By

Published : Mar 29, 2020, 6:32 PM IST

ডিব্ৰুগড়, 29 মাৰ্চঃ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ বিশেষ পদক্ষেপ ৷ কংগ্ৰেছৰ যুৱ সংগঠনটোৰ দ্বাৰা তিনিটাকৈ হেল্প-লাইন নম্বৰ মুকলি কৰে । লক ডাউনৰ সময়ত যিসকল অসমীয়া বহিঃৰাজ্যত বিভিন্ন কৰ্মসূত্ৰে গৈ আবদ্ধ হৈ আছে তেওঁলোকক পাৰ্যমানে সহায় সহযোগিতা আগবঢ়াবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছে । নম্বৰ কেইটা ক্ৰমে, 70024-74913, 86380-55011 আৰু 97069-14230 ।

আনহাতে, কংগ্ৰেছ তথা যুৱ কংগ্ৰেছ ৰাইজৰ যিকোনো বিপদৰ সময়ত সদায় ৰাজনীতিৰ উৰ্ধত বুলি উল্লেখ কৰে যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় বিষয়ৱবীয়াই । লগতে অসম চৰকাৰেও এই ভয়াবহ কৰ'ণাৰ দুৰ্যোগৰ পৰিস্থিতি চম্ভালি ল'বলৈ আৰু ৰাইজক সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আছে বুলি শাসনাধীস্থ চৰকাৰ শলাগ লয় যুৱ কংগ্ৰেছে ।

বহিঃৰাজ্যত আবদ্ধ সকললৈ হেল্প লাইন নম্বৰ মুকলি যুৱ কংগ্ৰেছৰ

আনহাতে, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত বৰাই চৰকাৰলৈ আহ্বান কৰে যে, শীঘ্ৰে বহিঃৰাজ্যত আৱদ্ধ প্ৰতিজন অসমীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাই চৰকাৰে এটা হেল্প-লাইন নম্বৰ মুকলি কৰাৰ লগতে ইয়াৰ বাবে এজন নডেল বিষয়া নিয়োগ কৰাৰ ব্যৱস্থা কৰে যেন ।

আৰু পঢ়কঃ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান ৰূপজ্যোতি কুৰ্মীৰ

ABOUT THE AUTHOR

...view details