ডিব্ৰুগড়, 20 ছেপ্টেম্বৰ : উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰাৰ উদ্দেশ্যে উদ্যোগ বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা ৷ সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক । চৰম ভাবুকি কঢ়িয়াই আনিছে চাহ খেতিয়কসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি । তেনে সময়তে হৈ যোৱা চলিত বিধানসভাত উদ্যোগ মন্ত্ৰী বিমল বড়াই ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ মানদণ্ড কম হোৱা বাবে উচিত মূল্য লাভ কৰা নাই বুলি কোৱাৰ পাচতেই জাঙুৰ খাই উঠিছিল ক্ষুদ্ৰ চাহ খেতিয়কসকল ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্যোগ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ক্ষুদ্ৰ চাহ খেতিয়কসকলে । ইয়াৰ পাচতেই তৎপৰ হৈ উঠিছে ৰাজ্যৰ উদ্যোগ বিভাগ । ক্ষুদ্ৰ চাহ খেতিয়কসকলক অধিক পাৰদৰ্শী কৰি উন্নত মানৰ কেঁচা চাহপাত উৎপাদন কৰাৰ লগতে চাহৰ পৰা হ’ব পৰা উদ্যোগ সম্ভাৱনাক অৱগত কৰা উদ্দেশ্যে উদ্যোগ বিভাগৰ উদ্যোগত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ কৰ্মশালা । বুধবাৰৰে পৰা তিনিদিনীয়াকৈ ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কৰ্মশালা ।