মৰাণ, 18 জুলাই : বিগত 14 বছৰে সম্পূৰ্ণ নহ’ল ডিব্ৰুগড় জিলাৰ চাবুৱাৰ কোটিটকীয়া পানী যোগান আঁচনি (Water Supply Scheme)ৰ কাম ৷ 2007 চনত চাবুৱাৰ এমইএছ (MES)ৰ সমীপৱৰ্তী স্থানত আৰম্ভ কৰা হৈছিল কোটিটকীয়া পানী যোগান আঁচনিখন । পানী যোগান আঁচনিৰ বাবে ঘৰ নিৰ্মাণ কৰাৰ লগতে সকলো যন্ত্ৰ-পাতিৰ যোগান ধৰা হৈছিল ৷
কিন্তু আজিলৈকে এই আঁচনিখন কাৰ্যক্ষম হোৱা পৰিলক্ষিত নহ’ল । পৰিত্যক্ত অৱস্থাত থকা পানী যোগান আঁচনিখনৰ গৃহ তথা লাখটকীয়া যন্ত্ৰ-পাতিসমূহ এতিয়া বিকল হৈ হাবি-জংঘলে আৱৰি ধৰিছে । বিকল অৱস্থাত থকা এই পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থা (AASU)ৰ চাবুৱা আঞ্চলিক সমিতিয়ে ৷
লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক পানী যোগান আঁচনিখন কিয় কাৰ্যক্ষম নহ’ল, সেই সন্দৰ্ভত তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে চাবুৱা আছুৱে । উল্লেখ্য় যে, চাবুৱাৰ লেখীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিকল অৱস্থাত আছে এনে বহু পানী যোগান আঁচনি ৷ ক’ত অন্তৰ্ধান হ’ল পানী যোগান আঁচনিসমূহৰ বাবে চৰকাৰে ব্যয় কৰা ধন ?