ডিব্ৰুগড়,27 জানুৱাৰীঃসোমবাৰে ডিব্ৰুগড়ৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জে পি সিঙে । গণৰাজ্য দিৱসৰ দিনা ডিব্ৰুগড়ৰ গ্ৰেহেমবজাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু মাৰোৱাৰীপট্টীৰ গুৰুদ্বাৰৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে আৰক্ষী বিষয়াগৰাকীয়ে ।
ডিব্ৰুগড়ত বিস্ফোৰণস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ - ডিব্ৰুগড়
ডিব্ৰুগড়ৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জে পি সিঙে । গণৰাজ্য দিৱসৰ দিনা ডিব্ৰুগড়ৰ গ্ৰেহেমবজাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু মাৰোৱাৰীপট্টীৰ গুৰুদ্বাৰৰ সমীপৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে আৰক্ষী বিষয়া গৰাকীয়ে । ঘটনা সন্দৰ্ভত 8 জন লোকক আটক ডিব্ৰুগড় আৰক্ষীৰ ৷
ডিব্ৰুগড়ত বিস্ফোৰণস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ
গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পূৰ্বে উজনি অসমৰ কেইবাটাও স্থানৰ লগতে ডিব্ৰুগড়তো দুটা স্থানত বিস্ফোৰণ সংঘটিত হৈছিল ৷ এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফাই(স্বা) । ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে বৰ্তমানলৈকে 8 জন লোকক আটক কৰা বুলি জানিবলৈ দিছে ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়াই ।