মৰাণ, 11 অক্টোবৰ:মৰাণত বলীউডৰ একশ্যন চিকুৱেন্স ৰিটাৰ্নছ (Youth gang brutally beaten by Moran police)৷ পোন প্ৰথমে যুৱকৰ এটা দলে অশ্লীল ইংগিত দিলে এগৰাকী মহিলাক, লগে লগে আৰক্ষী স্বামীয়ে যুৱকৰ দলটোক কৰায়ত্ত কৰি বলীউডৰ কায়দাৰে থানাৰ ভিতৰতে উলংগ কৰি গুৰুলা গুৰুল প্ৰহাৰ কৰে ৷ এইবাৰ আহিল ক্লাইমেক্স... আৰক্ষীৰ লগত যোগ দিলে দুই লোকেল হিৰ’ৱে ৷ তাৰ পিছতেই লাগিল কেনা ৷
ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 7 অক্টোবৰত ডিমৌৰ 10 গৰাকী যুৱকে অৰুণাচল প্ৰদেশৰ পৰা ইভেণ্ট মেনেজমেণ্টৰ কাম শেষ কৰি ঘূৰি আহি মৰাণৰ পেচিফিকা ইন ধাবাত আহাৰ গ্ৰহণ কৰিবলৈ সোমাই (Youth allegedly molest OC wife) ৷ সেই একেখন ধাবাতে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে (OC Bijay Daimary)পত্নীৰ সৈতে আহাৰ গ্ৰহণ কৰি আছিল ৷ যুৱকৰ দলটোৱে ধাবাতেই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ পত্নীক অশ্লীল ইংগিত দিয়া বুলি অভিযোগ উত্থাপন হৈছিল ৷
সেই নিশাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে যুৱকৰ দলটোক আটক কৰে (Police detained youth gang) ৷ পত্নীক অশ্লীল ইংগিত দিয়াৰ খঙত অগ্নিশৰ্মা হৈ থকা আৰক্ষী বিষয়াগৰাকীয়ে থানাৰ ভিতৰতে যুৱকৰ দলটোক উলংগ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ তুলিলে যুৱকৰ দলটোৱে (Moran OC brutally beaten youth gang) ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে উপ পৰিদৰ্শক ভৱেন দত্তসহ (SI Bhaben Dutta) দুই যুৱক ক্ৰমে দুদুল লেখাৰু আৰু মানৱ হাজৰিকাই(পিতি)ও ওৰে নিশা আটাইকে প্ৰহাৰ কৰাৰ অভিযোগ তুলিলে যুৱকৰ দলটোয়ে ৷
পৰৱৰ্তী সময়ত আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত যুৱককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই ঘটনাৰ বিষয়ে সৰ্বত্ৰে চৰ্চা হোৱাৰ পিছতে সোমবাৰে মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল’জ (Reserve Clause to SP Maran Police Station) কৰা বুলি জানিব পৰা যায় ৷