অসম

assam

ETV Bharat / state

খোৱাঙত পশু চিকিৎসকৰ অভাৱত হাহাকাৰ পৰিস্থিতি - খোৱাং হালধিবাৰী

পশু চিকিৎসকক বিচাৰি হাহাকাৰ কৰিছে খোৱাং হালধিবাৰীৰ কৃষক ৰাইজে ৷ কিয়নো হালধিবাৰীৰ 2 নং আহোম গাঁৱত থকা পশু চিকিৎসালয়খনত বহু বছৰ ধৰি নাই এজনো পশু চিকিৎসক তথা কৰ্মচাৰী ৷

veterinary-doctor-finding
খোৱাঙত পশু চিকিৎসকৰ অভাৱ

By

Published : May 6, 2021, 12:38 PM IST

মৰাণ, 6 মে’:ডিব্ৰুগড় জিলাৰ খোৱাং হালধিবাৰী বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কৃষি আৰু পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে । কিন্তু পশু চিকিৎসাৰ বাবে চিকিৎসকক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে কৃষক ৰাইজে । কাৰণ হালধিবাৰীৰ 2 নং আহোম গাঁৱত থকা পশু চিকিৎসালয়খনত আজি বহু বছৰ ধৰি পশু চিকিৎসক তথা কৰ্মচাৰী নাই ।

খোৱাঙত পশু চিকিৎসকৰ অভাৱ

ইয়াৰ ফলস্বৰূপে পশু চিকিৎসালয়খন হাবি-জংঘলেৰে ভৰি পৰিছে । সোণোৱাল চৰকাৰৰ যোৱাটো কাৰ্যকালত খোৱাং পঞ্চায়তৰ পুঁজিৰে চিকিৎসালয়খন মেৰামতি কৰিছিল যদিও কোনো চিকিৎসক, কৰ্মচাৰী নিয়োগ কৰা নহ’ল পশু চিকিৎসালয়খনত ।

আনকি পশু চিকিৎসাৰ সকলো সামগ্ৰী উপলব্ধ থকাৰ পাচতো এজন চিকিৎসক নিয়োগক লৈ হাবাথুৰি খাইছে খোৱাং হালধিবাৰী ৰাইজ ৷

লগতে পঢ়ক :হাস্পতালত ঠাই বিচাৰি হাবাথুৰি খাইছে কৰ’ণাক্ৰান্ত ৰোগীয়ে

ABOUT THE AUTHOR

...view details