অসম

assam

ETV Bharat / state

নামৰূপৰ ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - BVFCL HOSPITAL

দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ডিব্ৰুগড় জিলাত । ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ ক'ভিড কেয়াৰ কেন্দ্ৰ স্থাপন কৰিবলগীয়া হৈছে । শুকুৰবাৰে নামৰূপত মুকলি কৰিবলগীয়া ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

Union Minister Rameshwar Teli visited new covid care centre in Namrup
নামৰূপত মুকলি কৰিবলগীয়া ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

By

Published : Jun 25, 2021, 9:59 PM IST

মৰাণ, ২৫ জুন: এতিয়াও ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতি(COVID SITUATION) নিয়ন্ত্ৰণলৈ অহা নাই । প্ৰতিদিনে জিলাখনৰ বিভিন্ন ঠাইত চিনাক্ত হৈ আছে ক'ভিড ৰোগী । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন ঠাইত সাজু কৰিছে বহু কেইটা ক'ভিড কেয়াৰ কেন্দ্ৰ । ডিব্ৰুগড় জিলাৰ নামৰূপ BVFCL চিকিৎসালয়ত স্থাপন কৰা হৈছে ক'ভিড কেয়াৰ কেন্দ্ৰ । ১০০ খন বিচনাযুক্ত ক'ভিড কেয়াৰ কেন্দ্ৰটো শনিবাৰে মুকলি কৰা হ'ব ।

নামৰূপত মুকলি কৰিবলগীয়া ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

সেয়েহে ক'ভিড কেয়াৰ কেন্দ্ৰটো মুকলি কৰাৰ আগতে শুকুৰবাৰে কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চিকিৎসালয়খনত উপস্থিত হৈ সম্পূৰ্ণ চিকিৎসা ব্যৱস্থাপনাৰ বুজ লয় । ৰোগীসকলে যাতে ক'ভিড কেয়াৰ কেন্দ্ৰটোত সকলো সুবিধা লাভ কৰে সেই বিষয়ে স্বাস্থ্য বিষয়াসকলৰ সৈতে মন্ত্ৰীজনে আলোচনা কৰে । মন্ত্ৰীজনৰ সৈতে উপস্থিত থাকে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে স্বাস্থ্য আৰু প্ৰশাসনিক বিষয়াসকল ।

নামৰূপত মুকলি কৰিবলগীয়া ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

আনহাতে, ৰাজ্যৰ সৰ্বাধিক ক'ভিড সংক্ৰমণ হোৱা জিলাৰ তালিকাত আছে ডিব্ৰুগড় জিলাও । জিলাখনক স্বাস্থ্য বিভাগে ৰেড জ'ন হিচাপে ঘোষণা কৰিছে । বিগত দিনবোৰত জিলা প্ৰশাসনে ডিব্ৰুগড়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা নাই ।

নামৰূপত মুকলি কৰিবলগীয়া ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ইফালে, জিলাখনত টীকাকৰণ অভিযানো পূৰ্ণ গতিত চলাইছে স্বাস্থ্য বিভাগে । কিন্তু চাহ বাগিচা অঞ্চলত সংক্ৰমণৰ সংখ্যা বাঢ়িয়েই আছে । সজাগতাৰ অভাৱৰ বাবেই এই লোকসকল অধিক সংক্ৰমিত হৈছে বুলি ধাৰণা কৰা হৈছে । কিয়নো, অধিকাংশ লোকে মাস্ক পৰিধান কৰা, সামজিক দূৰত্ব মানি চলা আৰু নিজৰ স্বাস্থ্যৰ যত্ন লোৱাত সজাগ নহয় ।


লগতে পঢ়ক:মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথত জাল পাতিলে কোনে ?

ABOUT THE AUTHOR

...view details