অসম

assam

ETV Bharat / state

চৰাইদেউত ড্ৰাগছসহ দুজনক আটক আৰক্ষীৰ

চৰাইদেউ জিলাৰ সোণাৰি কাকতিবাৰীত কাকতিবাৰী আৰক্ষী(Kakotibari police)য়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

By

Published : Jun 13, 2021, 10:29 AM IST

Two people arrested with drugs at Charaideo
চৰাইদেউত ড্ৰাগছ সহ দুজনক আটক আৰক্ষীৰ

মৰাণ, 13 জুন :ৰাজ্যত অব্যাহত আছে অসম আৰক্ষী(Assam Police)ৰ ড্ৰাগছৰ বিৰোধী অভিযান । ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ড্ৰাগছ আসক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ ইয়াৰ সমান্তৰালকৈ শনিবাৰে চৰাইদেউ জিলাৰ সোণাৰি কাকতিবাৰীতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায় ৷ উক্ত অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।

চৰাইদেউত ড্ৰাগছ সহ দুজনক আটক আৰক্ষীৰ

উল্লেখ্য যে, কাকতিবাৰী আৰক্ষী(Kakotibari police)য়ে নিশা অভিযান চলাই প্ৰায় এশ গ্ৰাম ড্ৰাগছসহ দেৱজিৎ সোণোৱাল আৰু তিলু শইকীয়া নামৰ দুজন লোকক আটক কৰে আৰক্ষীয়ে । ইয়াৰ লগতে AS 04 M 8851 নম্বৰৰ এখন ২২০ পালচাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয় কাকতিবাৰী আৰক্ষী(Kakotibari police) ।

চৰাইদেউত ড্ৰাগছ সহ দুজনক আটক আৰক্ষীৰ

লগতে পঢ়ক : আৰক্ষীক প্ৰহাৰ কৰি ৰঙা ঘৰত সোমাল বিএচএফ জোৱান

ABOUT THE AUTHOR

...view details