ডিব্ৰুগড়,14 ছেপ্তেম্বৰ: এখন সু-উচ্চ পাহাৰ আৰু অপৰিসীম সৌন্দৰ্যৰ বাহাৰ ৷ পাহাৰখনৰ পৰা উপভোগ কৰিব পাৰি প্ৰকৃতিৰ অপৰিসীম সৌন্দৰ্য ৷ পাহাৰখনলৈ যোৱাৰ পৰত আপোনাক আদৰণি জনাবলৈ ৰৈ আছে এখনি সেউজীয়া দলিচা সদৃশ বিশাল চাহ বাগিচাই ৷ পাহাৰখনৰ চূড়াত আছে এটা ঐতিহাসিক টিলা ৷ এয়া আন নহয় স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত বগাই অসমত প্ৰৱেশ কৰি প্ৰথম খোজ থোৱা ঐতিহাসিক টিপাম দেওশালি পাহাৰ ৷
টিপাম আছিল ঐতিহাসিক আহোম সাম্ৰাজ্যৰ প্ৰথমখন অস্থায়ী ৰাজধানী ৷ এই টিপাম পাহাৰৰ বুকুৰ পৰাই আহোমসকলে আহোমসকলে আৰম্ভ কৰিছিল প্ৰশাসনিক কাম-কাজ ৷ 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বতৰ দিশেৰে আহি এই ঠাইত উপস্থিত হৈ স্বৰ্গদেউ চুকাফাই অসমৰ সেউজী পৰিৱেশ, ধাননি পথাৰৰ সৌন্দৰ্য দেখি মুগ্ধ হৈ পৰে ৷ অসমৰ ভূমিক আপোন কৰাৰ সপোন মেলি ক্ৰমান্বয়ে বৰভেটিৰ পাতনি মেলে স্বৰ্গদেউ চাওলুং চুকাফাই ৷