মৰাণ, ২৮ মে': ডিব্ৰুগড় জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৷ বৃহস্পতিবাৰৰ দিনটোত জিলাখনৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত ৭০ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ অৱস্থিতি ধৰা পৰে ।
ইয়াৰে ভিতৰত খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৬৪ জন, চৰাদেউৰ ১ জন আৰু ৫ জন নাহৰণি ব্লকৰ নিৱাসী । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৃহস্পতিবাৰলৈকে মুঠ ১,৮৩৬ গৰাকীলৈ বৃদ্ধি হয় ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা । ক'ভিড আক্ৰান্ত সকলক ১৭ জনক মৰাণ নৱোদয় বিদ্যালয়, লেঙেৰ ক'ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীনৰ লগতে মৰাণ চাহ বাগিচা আইছলেচন ৱাৰ্ড কভিড কেয়াৰ কেন্দ্ৰত আৰু বাকীকেইজন আক্ৰান্তক হোম আইছলেচনত ৰখা হৈছে । বৰ্তমানলৈ ৫৫২ জন সক্ৰিয় ক'ভিড সংক্ৰমিত লোক হোম আইছলেচনত আছে ।