অসম

assam

ETV Bharat / state

বাঘজানৰ বিস্ফোৰণঃ 3 বিদেশী বিশেষজ্ঞ আহত - ছিংগাপুৰ

বিদেশৰ বিশেষজ্ঞ দলৰ সৈতে বহুতো লোকে একেলগে কাম কৰি থকাৰ সময়তে অকস্মাত হোৱা বিস্ফোৰণত সকলো চিটিকি পৰিছিল । উপস্থিত থকা এজন চিকিৎসকৰ শিহৰণকাৰী বৰ্ণনাই আচৰিত কৰি তুলিছে সকলোকে ৷

বাঘজানৰ বিস্ফোৰণঃ 3 বিদেশী বিশেষজ্ঞ আহত
বাঘজানৰ বিস্ফোৰণঃ 3 বিদেশী বিশেষজ্ঞ আহত

By

Published : Jul 22, 2020, 8:40 PM IST

তিনিচুকীয়া,ডিব্ৰুগড়, 22 জুলাইঃবাঘজানত পুনৰ ভয়ংকৰ বিস্ফোৰণ। প্ৰায় দুমাহ ধৰি অহৰহ জ্বলি থকা অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই থকা সময়তেই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। বিদেশী বিশেষজ্ঞসহ এটা বৃহৎ দলে কাম কৰি থকা অৱস্থাত অইলৰ পাইপ বিস্ফোৰণ হৈ সকলো চিটিকি পৰাৰ লগতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হয় । য'ত কেইবাজনো বিদেশী বিশেষজ্ঞ গুৰুতৰ ভাৱে আহত হ'ব লগা হয় । বিস্ফোৰণত আমেৰিকাৰ এন্হনী ষ্টেভেন ৰেনল্ড আৰু ডৰ্গছ ডৰ্লাছ, ছিংগাপুৰৰ ক্ৰেগনিল ডানকেনসহ চাৰিজনক লগে লগে ঘটনাস্থলীৰ পৰা ডিব্ৰুগড়লৈ অনা হয়। ডিব্ৰুগড়ৰ আস্থা হাস্পতালত চিকিৎসাধীন হৈ আছে । ইয়াৰে এজনৰ অৱস্থা অতি গুৰুতৰ হোৱাৰ লগতে সোঁ হাতৰ অংশ জ্বলি যোৱা বুলি জানিব পৰা গৈছে।

বাঘজানত পুনৰ ভয়ানক বিস্ফোৰণ

আনহাতে বহুতো লোকে একেলগে কাম কৰি থকাৰ সময়তে অকস্মাত হোৱা বিস্ফোৰণত সকলো চিটিকি পৰিছিল । উপস্থিত থকা এজন চিকিৎসকৰ শিহৰণকাৰী বৰ্ণনাই আচৰিত কৰি তুলিছে সকলোকে ৷

দুমাহ পূৰ্বে হোৱা ভয়ানক অগ্নিকাণ্ডৰ দৃশ্য (ফাইল ফটো)
আনহাতে ডিব্ৰুগড়ত আহতসকলৰ অৱস্থাৰ বুজ লোৱাৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয় অইলৰ মুখ্য পৰিচালন সঞ্চালকসহ বিষয়াবৰ্গ। ডিব্ৰুগড়ত চিকিৎসা কৰোৱাৰ পাছত আটাইকেইজনকে ডুলিয়াজানৰ অইল হাস্পতাললৈ লৈ যায়। অইলৰ মুখ্য পৰিচালন সঞ্চালক সুশীল কুমাৰ মিশ্ৰই সংবাদ মাধ্যমত ভাষ্য দিয়াৰ পৰা বিৰত থাকে । চিকিৎসালয়ত উপস্থিত থকা অইলৰ মহা প্ৰবন্ধকৰ শ্যামল বৰুৱাৰ ভাষ্য অনুসৰি তেওঁলোক কিছু পৰিমাণে অগ্নিদগ্ধ হৈছে যদিও অৱস্থা বিশেষ জটিল নহয়। সকলো চিকিৎসকৰ নিয়ন্ত্ৰত থকা বুলি জানিবলৈ দিয়ে ৷
বাঘজানৰ অইলৰ খাদত লগা জুইৰ দৃশ্য (ফাইল ফটো)
অইল কৰ্তৃপক্ষই বিদেশী বিশেষজ্ঞ দলটোৰ সন্দৰ্ভত বিশেষ তথ্য প্ৰদান কৰা নাই। আনহাতে চিকিৎসালয়টো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে চাওকঃ ভাৰত-বাংলা সীমান্তত অব্যাহত কালো নদীৰ খহনীয়া

ABOUT THE AUTHOR

...view details