অসম

assam

ETV Bharat / state

টিংখাঙৰ ৰাজগড়ত 'কা' বিৰোধী আন্দোলনৰ পাঁচ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি - বন্তি প্ৰজ্বলন

টিংখাঙৰ ৰাজগড়ৰ শ্বহীদ বেদীত 'কা' বিৰোধী আন্দোলনত মৃত্যু হোৱা পাঁচ গৰাকী শ্বহীদক বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷  লগতে তেওঁ লোকে অতি শীঘ্ৰে অখিল গগৈক মুক্তি দিবলৈ দাবী জনায় ।

tingkhong-tribute-to-the-martyrs
টিংখাঙৰ ৰাজগড়ত 'কা' বিৰোধী পাঁচ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলী।

By

Published : Dec 12, 2020, 11:32 PM IST

টিংখাং, 12 ডিচেম্বৰ : টিংখাঙৰ ৰাজগড়ত 'কা' বিৰোধী ঐক্য মঞ্চ টিংখাঙৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰাজগড়ৰ শ্বহীদ বেদীত 'কা' বিৰোধী আন্দোলনত মৃত্যু হোৱা পাঁচ গৰাকী শ্বহীদক বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজতে 'কা' বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

'কা' বিৰোধী আন্দোলনত মৃত্যু হোৱা পাঁচ গৰাকী শ্বহীদক বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি 'কা' বিৰোধী ঐক্য মঞ্চ টিংখাঙৰ সম্পাদক বিপ্লৱ বৰুৱাই কয় যে ,"তেওঁ লোকৰ যি আধৰুৱা সপোন সেই সপোনক আমি অনাগত দিনত বাস্তৱ ৰূপ দিবৰ বাবে প্ৰাণে পণে চেষ্টা কৰিম আৰু শেষ বিন্দু তেজ থকা লৈকে চেষ্টা কৰিম ৷ কা'ৰ বিপক্ষে অহৰহ আমাৰ যি সংগ্ৰাম এই সংগ্ৰাম অব্যাহত থাকিব আৰু অনাগত দিনত কা'ৰ বিপক্ষে আমি টিংখাং সমষ্টিত তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম'' । লগতে তেওঁ লোকে অতি শীঘ্ৰে অখিল গগৈক মুক্তি দিবলৈ দাবী জনায় ।

লগতে পঢ়ক :1962 চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী অৰুণাচলৰ নামটি

ABOUT THE AUTHOR

...view details