অসম

assam

ETV Bharat / state

টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা - কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

শনিবাৰে ডিব্ৰুগড়ৰ টিংখাঙত থকা নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন । ২০২০ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান প্ৰাপ্ত আৰু কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰী সকলক এই অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰা হয় । মুঠ ৩১ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানটিত ।

টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা
টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

By

Published : Feb 13, 2021, 9:06 PM IST

টিংখাং, ১৩ ফেব্ৰুৱাৰী: অধ্যৱসায়ৰ বলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক শনিবাৰে ডিব্ৰুগড়ৰ টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত অভিনন্দন জনোৱা হয় । অসমীয়া মাধ্যমৰ এখন আগশাৰীৰ বিদ্যালয় টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত শনিবাৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান প্ৰাপ্ত আৰু কৃতিত্বৰে উত্তীৰ্ণ হোৱা মুঠ ৩১ গৰাকী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি দিগন্ত কোঁচৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্ৰাঞ্জল বুঢ়াগোহাঁয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । ছাত্র-ছাত্ৰীসকলে কি নীতি অৱলম্বন কৰিলে তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ হয় লগতে অভিভাৱক সকলৰো ভূমিকা আৰু কৰণীয় সন্দৰ্ভত সাৱলীলভাৱে বক্তব্য আগবঢ়ায় ড০ প্ৰাঞ্জল বুঢ়াগোহাঁয়ে ।

টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

সভাত টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ, প্ৰাক্তন শিক্ষক মুনিন বৰুৱা আদিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্ৰ মানস উত্তম নেওগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । এই অনুষ্ঠানত মানস উত্তম নেওগক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰা হয় ।

টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

লগতে সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলে গীত-নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে । কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যই বিদ্যালয়খনৰ আন ছাত্ৰ-ছাত্ৰীসকলকো অনাগত দিনত অধিক মনোযোগেৰে অধ্যয়ন কৰাত উৎসাহিত কৰিব বুলি আশাবাদী আয়োজকসকল ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাৰ কথা শিলৰ ৰেখা নহয়: ৰিপুন বৰা

ABOUT THE AUTHOR

...view details