টিংখাং,26 মাৰ্চ :শনিবাৰে অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচনৰ দিনটোত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তথা সকলোৱে যাতে শান্তিপূৰ্ণভাৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে এতিয়া সষ্টম হৈ পৰিছে অসম আৰক্ষী । ভোটাৰ ৰাইজে যাতে ভয়-শংকা বিহীনভাৱে মুকলিকৈ ভোটকেন্দ্ৰলৈ আহি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰবাবে সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷
বৃহস্পতিবাৰে বিয়লি ডিব্ৰুগড় জিলা আৰক্ষীয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে টিংখাঙত এক বিশাল ৰোড মাৰ্চ বাহিৰ কৰে । ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰৰ নেতৃত্বত অহা আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু বি এছ এফৰ বৃহৎ দলটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।