টিংখং,3 ছেপ্তেম্বৰঃ টিংখং সমষ্টিৰ বিধায়ক বিমল বড়াই বাগিচাৰ যুৱতী মহিলা সকলৰ লিপিষ্টিক, নেইলপলিচক লৈ কৰা মন্তব্য বিৰুদ্ধে বৃহস্পতিবাৰে বিপ্লবী যুৱ সন্থা , আইছা আৰু প্ৰগতি শীল নাৰী সন্থাই টিংখাঙৰ ৰাজগড় শ্বহীদ বেদীত মানৱ শৃংখল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰী সকলে বিধায়ক বিমল বড়াক সকিয়নী প্ৰদান কৰি এজন বিধায়ক হিচাপে নিজৰ স্থিতি ঠিক কৰিবলৈ দাবী জনায়।
বিধায়ক বিমল বড়াৰ বিৰুদ্ধে প্ৰতিবাদ চাহ বাগিচাৰ যুৱতী-মহিলাৰ - উন্নত চিকিৎসা
চাহ শ্ৰমিকৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৷ লিপ্ষ্টিক, কাজল, নেইল পলিচৰ ওপৰত নহয়, শ্ৰমিকক ৩৫১.৩৩টকা মজুৰি, পুষ্টিকৰ খাদ্য, বহনক্ষম উন্নয়নৰ ব্যৱস্থা কৰাত মনোনিবেশ কৰিবলৈ বিধায়ক বিমল বড়াক আহ্বান ৷
বাগিচাৰ শিশু আৰু মাতৃ সকলৰ পুষ্টিকৰ খাদ্য , উন্নত চিকিৎসা, উন্নত মানৰ নেপকিন প্ৰতি মাহত যোগান ধৰাৰ ওপৰত দৃষ্টি দিবলৈ আহ্বান জনায়। পুষ্টিকৰ খাদ্য আৰু উন্নত চিকিৎসাৰ অভাবত বাগিচাৰ গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ দিনক দিনে বাঢ়ি আছে। মাহেকীয়াৰ সময়ত কাপোৰ ব্যৱহাৰ কৰাত মহিলা সকলৰ বিভিন্ন সমস্যা আৰু জৰায়ুৰ ৰোগৰ সৃষ্টি হয়। বাগিচাৰ ল'ৰা ছোৱালীয়ে হাইস্কুল তথা ডিগ্ৰি পাছ কৰাৰ পিছতো ইয়াত কৰ্মসংস্থান নোহোৱাৰ বাবে বহিঃৰাজ্যত কাম কৰিবলৈ গৈ প্ৰাণ হেৰুৱাব লগীয়া হৈছে।
বাগিচাৰ ল'ৰা ছোৱালীৰ যোগ্যতা অনুযায়ী কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক। এজন বিধায়ক হিচাপে বাগিচা শ্ৰমিকৰ মজুৰি ৩৫১.৩৩ টকা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ দাবী জনায় । বাগিচাৰ মহিলাই প্ৰসাধনৰ বাবে কি ব্যৱহাৰ কৰিব সেইটো কোৱাৰ দায়িত্ব এজন বিধায়কৰ কাম নহয় । এজন জনপ্ৰতিনিধি হিচাপে চাহ শ্ৰমিক মহিলা সকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে বহনক্ষম উন্নয়নৰ কথা হে আলোচনা কৰিব লাগিছিল। লিপিষ্টিক কাজলৰ কথা কৈ বাগিছাৰ মহিলাক অপমান কৰা বন্ধ কৰিবলৈ প্ৰতিবাদকাৰী সকলে সকীয়াই দিয়ে ৷
লগতে পঢ়কঃ আদি জনগোষ্ঠীৰ পৰম্পৰাগত চলুঙ উৎসৱৰ ইতিবৃত্ত