ডিব্ৰুগড়, 22 আগষ্টঃ জনাঞ্চলত আৱিৰ্ভাৱ হোৱা এটা নাহৰফুটুকী বাঘক লৈ ডিব্ৰুগড় চহৰত বৃহস্পতিবাৰে ওৰেটো দিন উত্তেজনাই বিৰাজ কৰে৷ চহৰখনৰ মাজমজিয়াৰ পাঁচআলিত হঠাৎ বনাঞ্চলৰ পৰা আহি উপস্থিত হোৱা নাহৰফুটুকীটোক দেখা পাই সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় হুৱা-দুৱাৰ ৷ জনসমাগমত আতংকিত হৈ বাঘটোৱে ৰমেন ঘোষ নামৰ এজন লোকৰ ঘৰত কোনো নথকা অৱস্থাত এখন খিৰিকীৰে প্ৰৱেশ কৰি আশ্ৰয় গ্ৰহণ কৰে । আৰক্ষী আৰু বন বিভাগৰ লোকে নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ কেইবাবাৰো চেষ্টা কৰি ব্যৰ্থ হয় ৷ অৱশেষত তিনিচুকীয়া গুইঁজানৰ পৰা বাঘ ট্ৰেংকুইলাইজ কৰাৰ বাবে বিশেষজ্ঞ দল আহি দুপৰীয়া প্ৰায় দুই বজাত পাঁচআলিত উপস্থিত হয়।
ডিব্ৰুগড় চহৰত বাঘৰ আতংক - leopard
ডিব্ৰুগড় চহৰত বাঘৰ আতংকত সন্ত্ৰস্ত নগৰবাসী ৰাইজ । চহৰৰ মাজমজিৰ পাঁচআলিত হঠাৎ প্ৰৱেশ কৰা প্ৰাপ্তবয়স্ক এটা নাহৰফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰে ওৰেটো দিন । বাঘৰ আক্ৰমণত আহত এজন ৷
ডিব্ৰুগড় চহৰত বাঘৰ আতংক
পশু চিকিৎসক খনিন চাংমাই নেতৃত্বত অহা বিশেষজ্ঞ দলে অৱশেষত বিয়লি প্ৰায় 4 বাজি 30 বজাত নাহৰফুটুকীটোক অচেতন কৰিবলৈ সক্ষম হয় । আনহাতে ডিব্ৰুগড় জিলাৰ বিভিন্ন বাগান আৰু গ্ৰাম্য অঞ্চলত বাঘৰ সচৰাচৰ বিচৰণ পৰিলক্ষিত হোৱাৰ পাছতো ডিব্ৰুগড় জিলা বন বিভাগৰ হাতত বাঘক অচেতন কৰা ট্ৰেংকুইলাইজাৰ নথকাৰ বাবে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।