মৰাণ, ২৩ ছেপ্টেম্বৰ :ডিব্ৰুগড় জিলাত এক ৰহস্যজনক ঘটনা সংঘটিত হৈছে । জিলাখনৰ মৰাণ বিধানসভা সমষ্টিৰ লেজাইৰ তিনিচুকীয়া গাঁৱৰ পৰা তিনিজনকৈ যুৱক সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে মৰাণত । সোমবাৰৰ পুৱাৰ পৰা সন্ধানহীন হৈ আছে তিনিওজন যুৱক ।
এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । এতিয়ালৈ যুৱক কেইজনৰ কোনোধৰণৰ সন্ধান নোপোৱাত পৰিয়ালৰ লোকসকলে বৰবৰুৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । সন্ধানহীন যুৱককেইজন হৈছে লেজাইৰ তিনিচুকীয়া গাঁওৰ কুমুদ সোণোৱালৰ ১৮ বছৰীয়া পুত্ৰ সুমন সোণোৱাল, নৰেন সোণোৱালৰ ১৭ বছৰীয়া পুত্ৰ ধনঞ্জয় সোণোৱাল আৰু হেমন্ত সোণোৱালৰ ২৬ বছৰীয়া পুত্ৰ কমল সোণোৱাল ।
ইয়াৰে কমল সোণোৱালে ইতিমধ্যে শিক্ষাগ্ৰহণ শেষ কৰিছে যদিও সুমন সোণোৱাল আৰু ধনঞ্জয় সোণোৱালে ডিব্ৰুগড়ৰ এন এল বি চিটি কলেজত অধ্যয়ন কৰি আছে । ইতিমধ্যে পৰিয়ালৰ লোকে যুৱক কেইজনৰ বন্ধুসকলৰ লগত যোগাযোগ কৰিছে যদিও কোনো শুংসূত্ৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালক লোকসকল ।