মৰাণ, 18 জানুৱাৰী :দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত ডিৰিয়াল চাহ বাগিচাৰ এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয় (Tension over road accident in Duliajan ) । প্ৰাপ্ত বাতৰি মতে, উৰুকাৰ দিনা দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ ধৰালাইনৰ ৰঘু কিষাণ নামৰ ব্যক্তিজন সেই সময়তেই বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হয় । পৰিয়াল তথা স্থানীয় ৰাইজে তৎকালীনভাৱে ৰঘু কিষাণক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে ।
সোমবাৰে নিশা কিষাণৰ মৃত্যুৰ বাতৰি বনজুইৰ দৰে চৌদিশে বিয়পি পৰাত কেইবা শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ কৰে । তদুপৰি দুৰ্ঘটনা সংঘটিত কৰা ১ নং বৰডুবি গাঁৱৰ প্ৰাঞ্জল গগৈৰ বাসগৃহৰ সন্মুখত কেইবা শতাধিক লোকে হাতে হাতে চোকা অস্ত্ৰ লৈ প্ৰতিবাদ অব্যাহত ৰাখে (Violent protest over road accident in Duliajan) । ইফালে পৰিস্থিতিৰ যথেষ্ঠ অৱনতি ঘটাত ঘটনাস্থলীত অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, আৰক্ষী, অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয়, যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই ।