অসম

assam

ETV Bharat / state

Swahid Mozammil Haque award 2023; যেতিয়ালৈকে ভাষাটো থাকিব তেতিয়ালৈকেহে জাতিটো জীয়াই থাকিব : ড৹ নগেন শইকীয়া - ভাষা আন্দোলনত হোৱা শ্বহীদ মোজাম্মিল হক

ড৹ নগেন শইকীয়াক প্ৰদান কৰা হয় শ্বহীদ মোজাম্মিল হক মাতৃভাষা বঁটা ২০২৩ ৷ দেওবাৰে বিশিষ্ট সাহিত্যিকগৰাকীৰ ডিব্ৰুগড়স্থিত বাসগৃহত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সদস্যসকলে এই বঁটা প্ৰদান কৰে ৷

Swahid Mozammil Haque award to Dr Nagen Saikia
শ্বহীদ মোজাম্মিল হক মাতৃভাষা বঁটা ২০২৩

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 8:21 AM IST

শ্বহীদ মোজাম্মিল হক মাতৃভাষা বঁটা ২০২৩

ডিব্ৰুগড়, ৬ নৱেম্বৰ :সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰে শ্বহীদ মোজাম্মিল হক মাতৃভাষা বঁটা ২০২৩" ৷ দেওবাৰে আনুষ্ঠনিকভাৱে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াক প্ৰদান কৰা হয় এই বঁটা ।

বিশিষ্ট সাহিত্যিকগৰাকীৰ ডিব্ৰুগড়ৰ বাসগৃহ ‘আশ্ৰয়’ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংগঠনটোৰ নেতৃত্বই এই বঁটা প্ৰদান কৰে । সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা চহিৰ ভূঞা, দৰং জিলা সমিতিৰ সভাপতি বাবুল মুকছেদ আহমেদ, সম্পাদক চাহাবুদ্দিন আহমেদ, মাতৃভাষা স্মাৰক বঁটা পৰিচালনা সমিতিৰ সম্পাদক মহিবুল হক উপস্থিত হৈ প্ৰদান কৰা শ্বহীদ মোজাম্মিল হক মাতৃভাষা বঁটা ৷ এই বঁটাত আছে এখন শৰাই, স্মাৰক, সম্বৰ্ধনা পত্ৰ, এৰি চাদৰ, অংগ বস্ত্ৰ, গামোচা আৰু নগদ ধনৰ টোপোলা ।

ভাষা আন্দোলনত হোৱা শ্বহীদ মোজাম্মিল হকৰ নামত প্ৰৱৰ্তিত এই শ্বহীদ মোজাম্মিল হক মাতৃভাষা বঁটা গ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াই কয়, ‘‘কম বয়সতে ভাষা ৰক্ষাৰ আন্দোলন কৰি জাতিটোৰ বাবে মোজাম্মিল হকে যি ত্যাগ কৰি গৈছে সেই ত্যাগ অতুলনীয়’’ ।

মাতৃভাষাৰ নামত প্ৰথম এই বঁটা লাভ কৰা বুলি কৈ বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়, ‘‘যেতিয়ালৈকে ভাষাটো থাকিব তেতিলৈকেহে জাতিটো জীয়াই থাকিব । ভাষা হেৰাই গ’লে জাতিৰ অস্তিত্ব হেৰাই যাব’’ । তেওঁ আৰু কয়, ‘‘আজি পৃথিৱীৰ সকলো বস্তু সলনি কৰিব পাৰি, আনকি ধৰ্ম সলনি কৰিব পাৰি ৷ কিন্তু নিজৰ মাতৃভাষা সলনি কৰিব নোৱাৰি । আমি আধুনিক হ’লেও নিজৰ পৰিচয় জীয়াই ৰাখিব লাগিব’’ ৷

উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াই বৰ্তমানলৈকে ৭১ খন মৌলিক গ্ৰন্থ, ৬৬ সম্পাদিত গ্ৰন্থ, ২ খন অনুবাদ গ্ৰন্থ, ২০০০কৈ অধিক প্ৰৱন্ধ প্ৰকাশ কৰিছে । এনে এগৰাকী অসমীয়া সমাজ জীৱনৰ অভিভাৱক স্বৰূপ ব্যক্তিক এই শ্বহীদ মোজাম্মিল হক মাতৃভাষা বঁটা ২০২৩" প্ৰদান কৰি অতি আনন্দিত হোৱা বুলিও উল্লেখ কৰে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃবৃন্দই ।

লগতে পঢ়ক :Death Anniversary of Bhupen Hazarika: দীঘলীপুখুৰীৰ পাৰত 10 হাজাৰ বন্তি জ্বলাই সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি আছুৰ

ABOUT THE AUTHOR

...view details