অসম

assam

ETV Bharat / state

সামৰণি পৰিল নৱৰূপত স্বয়ম আঁচনি ৰূপায়ণৰ প্ৰশিক্ষণ - ডিব্ৰুগড় জিলা প্ৰশাসন

যুৱ সৱলীকৰণ যোজনা (নৱৰূপত স্বয়ম) আঁচনিৰ ৰূপায়নত তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । আঁচনি ৰূপায়ণৰ লগত জড়িত বিষয়া সকলক দিয়া হৈছে প্ৰশিক্ষণ ।

ডিব্ৰুগড় জিলা প্ৰশাসন
ডিব্ৰুগড় জিলা প্ৰশাসন

By

Published : Jan 1, 2021, 8:56 PM IST

ডিব্ৰুগড়, ১ জানুৱাৰী: ৰাজ্যখনৰ আত্মসহায়ক গোটক আৰ্থিক সহযোগিতা প্ৰদানৰে আৰ্থিক স্বাৱলম্বিতা অৰ্জনত সহায় হোৱাকৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা নৱৰূপত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা (নৱৰূপত স্বয়ম) আঁচনি ৰূপায়ণৰ বাবে বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে ডিব্ৰুগড় জিলা প্ৰশাসনক । আঁচনিখনৰ অধীনত আত্মসহায়ক গোটসমূহৰ পৰিচালনা সংক্ৰান্তীয় বিষয়ত পৰামৰ্শ বা দিক-নিৰ্দেশনা প্ৰদান কৰাৰ বাবে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ নিৰ্বাচিত বিষয়াসকলক ২৮ ডিচেম্বৰৰ পৰা পহিলা জানুৱাৰীলৈ পাঁচদিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰিনাৰশ্বিপৰ সহযোগত ডিব্ৰুগড় জিলাৰ মাল্টিপাৰপ'জ হলত চলি থকা প্ৰশিক্ষকসকলৰ এই প্ৰশিক্ষণ কাৰ্যসূচী শুকুৰবাৰে সামৰণি পৰে । আজিৰ সামৰণি অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু সদৰ মহকুমাধিপতি মছন্দা পৰতীন উপস্থিত থাকে ৷

লগতে পঢ়ক: মহানগৰীৰ পদপথত ব্যৱসায়,প্ৰশাসনৰ গুৰুত্ব নাই

ABOUT THE AUTHOR

...view details