মৰাণ, 11 জানুৱাৰী : 8,9 আৰু 10 জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মেন মিষ্টাৰ অসম দেহশ্ৰী প্ৰতিযোগিতাত মৰাণৰ সুমিত পাণ্ডেৰ বৃহৎ সফলতা । প্ৰায় 70 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত মৰাণৰ নিবাসী সুমিত পাণ্ডেয়ে কঢ়িয়াই আনিলে মিষ্টাৰ অসম খিতাপ ।
মৰাণ কুশল নগৰৰ নিবাসী বীৰেন্দ্ৰ পাণ্ডে তথা সীতা পাণ্ডেৰ পুত্ৰ সুমিত পাণ্ডেয়ে 2017 চনৰ পৰা শৰীৰ চৰ্চা কৰি আহিছিল আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে ৷