অসম

assam

ETV Bharat / state

মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছৰ অভিসন্ধি: সুভাষ দত্ত

নৱনিৰ্বাচিত ৰাজ্য চৰকাৰখনে ইতিমধ্যে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা মাহ সম্পূৰ্ণ কৰিলে ৷ বিগত ৩০টা দিনত ৰাজ্য চৰকাৰখনে কেনেদৰে কাম-কাজসমূহ আগবঢ়াই নিলে তাৰ বিভিন্ন দিশসমূহৰ কথা দাঙি ধৰি ডিব্ৰুগড়ত শনিবাৰে এখন সংবাদ মেল সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই ৷

By

Published : Jun 12, 2021, 7:49 PM IST

Updated : Jun 12, 2021, 10:08 PM IST

মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছৰ অভিসন্ধি: সুভাষ দত্ত
মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছৰ অভিসন্ধি: সুভাষ দত্ত

ডিব্ৰুগড়, 12জুন:নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ শ্ৰমিক কল্যাণ ও চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে সঞ্জয় কিষাণৰ বিৰুদ্ধে । বিভাগটোত ব্যাপক অনিয়মেৰে মন্ত্ৰীগৰাকীৰ অঙহী-বঙহীক চাকৰিত নিযুক্তি দিয়াৰ কথা পোহৰলৈ আনিছে ৰাজীৱ মাঝি নামৰ এজন যুৱকে ।

সামাজিক মাধ্যমৰ জৰিয়তে যুৱকজনে উল্লেখ কৰিছে কেলেংকাৰীৰ বিভিন্ন তথ্য ৷ মন্ত্ৰী কিষানৰ পৰিয়ালৰ লোকৰ লগতে ১০ গৰাকীকৈ ঘনিষ্ঠ লোকক নিযুক্তি দিয়াৰ তথ্য সম্বলিত এখন পত্ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছিল যুৱকজনে ৷ তাৰপাচতে শনিবাৰে মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা বিষয়টোৰ সৰ্ন্দভত সাংবাদিকে প্ৰশ্ন কৰাত নস্যাৎ কৰি সুভাষ দত্তই এয়া সম্পূৰ্ণৰূপে কংগ্ৰেছৰ অভিসন্ধি বুলি অভিযোগ উত্থাপন কৰে ৷

মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছৰ অভিসন্ধি: সুভাষ দত্ত

উল্লেখযোগ্য যে, নৱনিৰ্বাচিতৰাজ্য চৰকাৰখনে ইতিমধ্যে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা মাহ সম্পূৰ্ণ কৰিলে ৷ বিগত ৩০টা দিনত ৰাজ্য চৰকাৰখনে কেনেদৰে কাম-কাজসমূহ আগবঢ়াই নিলে তাৰ বিভিন্ন দিশসমূহৰ কথা দাঙি ধৰি ডিব্ৰুগড়ত শনিবাৰে এখন সংবাদ মেল সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই ৷

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে মহামাৰী কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰা, ড্ৰাগছবিহীন অসম গঢ় দিয়াৰ লগতে বিভিন্ন উন্নয়নমূলক কামৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কামৰ খতিয়ানসমূহ বিশেষভাৱে দাঙি ধৰে ৷

একেদৰে মহিলাসকলৰ মাইক্ৰ'ফাইনেঞ্চৰ (Microfinance) ঋণ মাফ কৰা, এক লাখ নিবনুৱা চাকৰি প্ৰদান কৰা আদি দিশত কাম-কাজসমূহ আগবঢ়াই নিয়া, ১৫ আগষ্টৰ ভিতৰত সকলোকে COVID-19ৰ প্ৰতিষেধক প্ৰদান কৰা আদি চৰকাৰৰ 30টা বিভিন্ন কামৰ বিষয়ে দত্তই সংবাদমেলখনৰ জড়িয়তে অৱগত কৰে ৷

লগতে পঢ়়কঃ কৰ'ণাৰ কৰাল গ্ৰাসত টেণ্ট হাউচৰ ব্যৱসায়

Last Updated : Jun 12, 2021, 10:08 PM IST

ABOUT THE AUTHOR

...view details