অসম

assam

By

Published : Apr 2, 2021, 6:56 PM IST

ETV Bharat / state

চাবুৱাত বৰদৈচিলাৰ তাণ্ডৱ

চাবুৱাত বৰদৈচিলাৰ তাণ্ডৱ । চাবুৱাত ধুমুহাৰ ফলত বিদ্যালয় আবাস গৃহ ক্ষতিগ্ৰস্ত । ছাত্ৰীসকলৰ অধ্যয়নত ব্যাঘাত । ধুমুহাৰ এই কাল ৰূপৰ বাবে পানীতোলা, বৰচাপৰি, হাবিচুক আৰু চাবুৱাৰ ভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন ।

চাবুৱাত বৰদৈচিলাৰ তাণ্ডৱ
চাবুৱাত বৰদৈচিলাৰ তাণ্ডৱ

মৰাণ, ২ এপ্ৰিল: বৃহস্পতিবাৰে অহা এজাক প্ৰচণ্ড ধুমুহাই ডিব্ৰুগড়ৰ চাবুৱা নগৰৰ উপকণ্ঠ অঞ্চলত তচনচ কৰি থৈ যায় । চাবুৱাৰ পানীতোলাত প্ৰচণ্ড ধুমুহাই ধ্বংস কৰি গ'ল এখন বিদ্যালয় । ধুমুহাজাকে বিদ্যালয়খনৰ টিনপাত উৰুৱাই নিয়াৰ ফলত বিদ্যালয়ৰ ছোৱালী আবাস গৃহৰ ভিতৰত পানী সোমাই একপ্ৰকাৰ বিপৰ্যময় অৱস্থাৰ সৃষ্টি হয় । ফলত ছাত্ৰীসকলৰ অধ্যয়নৰ লগতে থকা-মিলা আদিত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে বুলি জনাইছে বিদ্যালয় কৰ্তৃপক্ষই ।

বিদ্যালয়খনৰ এনে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীসকলক কেইটামান দিনৰ বাবে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে । ধুমুহাৰ এই কাল ৰূপৰ বাবে পানীতোলা, বৰচাপৰি, হাবিচুক আৰু চাবুৱাৰ ভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় । অধিকাংশ লোকৰে বাসগৃহ ধ্বংস হোৱাৰ লগতে প্ৰকাণ্ড গছ পথত বাগৰি পৰিছে । যাৰফলত যাতায়তৰ ক্ষেত্ৰত অসুবিধাত পৰিছে অঞ্চলটোৰ ৰাইজ । বৰ্তমানেও বিছিন্ন হৈ আছে যোগাযোগ ব্যৱস্থা । কেবাটাও স্থানত বিজুলী খুঁটা পথত বাগৰি পৰাৰ ফলত বন্ধ হৈ পৰিছে বিজুলী সংযোগ ।

লগতে পঢ়ক: পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details