অসম

assam

ETV Bharat / state

মৰাণত ধুমুহাৰ তাণ্ডৱ - কৰ'ণা মহামাৰী

মৰাণ আৰক্ষী চকীৰ অন্তৰ্গত গাঁৱখনত ধুমুহাই ঘৰ-দুৱাৰৰ উপৰিও ভঁ‌ৰাল, গোহালি ভাঙি পেলোৱাৰ লগতে গছ-গছনি পৰ্যন্ত উভালি পেলায় ৷ ধুমুহাৰ পৰা কথামপি প্ৰাণ ৰক্ষা পৰে অঞ্চলটোৰ শিশুকে ধৰি কেইবাজনো লোক ৷

Storm at moran
মৰাণত ধুমুহাৰ তাণ্ডৱ

By

Published : Aug 10, 2020, 10:45 PM IST

মৰাণ,10 আগষ্টঃ ৰাজ্যজুৰি কৰ'ণা মহামাৰীৰ আতংক তথা বানৰ ত্ৰাসৰ সময়তে আজি মৰাণত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ ৷ ডিব্ৰুগড় জিলাৰ মৰাণ পথালিবাম দিহিঙ্গীয়া গাঁৱত হঠাৎ অহা এজাক ধুমুহাই ভাঙি তথনচ কৰে কেইবাটাও বাসগৃহ । মৰাণ আৰক্ষী চকীৰ অন্তৰ্গত গাঁৱখনত ধুমুহাই ঘৰ-দুৱাৰৰ উপৰিও ভঁ‌ৰাল, গোহালি ভাঙি পেলোৱাৰ লগতে গছ-গছনি পৰ্যন্ত উভালি পেলায় ৷ ধুমুহাৰ পৰা কথামপি প্ৰাণ ৰক্ষা পৰে অঞ্চলটোৰ শিশুকে ধৰি কেইবাজনো লোকৰ ৷

মৰাণত ধুমুহাৰ তাণ্ডৱ

ইপিনে, ধুমুহাৰ পাছতে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত পৰিয়ালৰ খবৰ লোৱাৰ লগতে তাৎক্ষনিক ভাৱে গৃহহাৰা হোৱা লোকসকলৰ আশ্ৰয়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । আনহাতে প্ৰশাসনৰ তৰফৰ পৰা ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহাৰ্য প্ৰদানৰো ঘোষণা কৰা হৈছে ৷

লগতে পঢ়কঃ15 আগষ্টত টাই আহোমক প্ৰদান কৰক জনজাতিৰ মৰ্যদা: টাইপা

ABOUT THE AUTHOR

...view details