অসম

assam

By

Published : Apr 12, 2021, 7:16 PM IST

ETV Bharat / state

টিংখাঙত চোতাল সভা নামেৰে এক ব্যাতিক্ৰমি অনুষ্ঠান

টিংখাঙৰ নাচনী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক শিক্ষক বিৰেন গগৈ, বিশিষ্ট গীতিকাৰ, সুৰকাৰ ধৰ্মেশ্বৰ চাউদাঙৰ নেতৃত্ব আৰু অংকুৰ চেমনীয়া চৰাৰ উদ্যোগত চোতাল সভা নামেৰে এক ব্যতিক্ৰমী অনুষ্ঠান চলাই আহিছে । প্ৰতি পোন্ধৰ দিনৰ মূৰত গাৱঁৰ সামাজিক ভাৱে আগৰণুৱা ব্যক্তি সকলৰ চোতালত অনুষ্ঠিত হয় এই চোতাল সভা অনুষ্ঠান ৷

sotal-khova-in-tingkhang
টিংখাঙত চোতাল সভা নামেৰে এক ব্যাতিক্ৰমি অনুষ্ঠান

টিংখাং,11 এপ্ৰিল :শিক্ষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি উঠি অহা প্ৰজন্মৰ মাজত আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে টিংখাঙৰ নাচনী অঞ্চলৰ দুজনমান সমাজ সচেতন ব্যক্তিৰ প্ৰশংসনীয় পদক্ষেপে ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । টিংখাঙৰ নাচনী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক শিক্ষক বিৰেন গগৈ, বিশিষ্ট গীতিকাৰ, সুৰকাৰ ধৰ্মেশ্বৰ চাউদাঙৰ নেতৃত্বত তথা অংকুৰ চেমনীয়া চৰাৰ উদ্যোগত চোতাল সভা নামেৰে এক ব্যতিক্ৰমী অনুষ্ঠান চলাই আহিছে ।

টিংখাঙত চোতাল সভা নামেৰে এক ব্যাতিক্ৰমি অনুষ্ঠান

প্ৰতি পোন্ধৰ দিনৰ মূৰত অনুষ্ঠিত হোৱা এই চোতাল সভা অনুষ্ঠানটো টিংখাঙৰ দুই নং নাচনী, চাৰেং পথাৰ ঔগুৰী, শলগুৰী টিপমীয়া গাৱঁৰ সামাজিক ভাৱে আগৰণুৱা ব্যক্তি সকলৰ চোতালত অনুষ্ঠিত হৈ আহিছে । পশেকীয়া অনুষ্ঠানটোত নৃত্য গীত, শিক্ষা, সাহিত্য, সংস্কৃতি আদিৰ ক্ষেত্ৰত যোগাত্মক আলোচনাৰে উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ লক্ষ্যৰে প্ৰতিভা বিকাশৰ এখন সুন্দৰ মঞ্চ দি আহিছে । অনুষ্ঠানটোৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰে চোতাল সভাৰ অন্যতম পুৰোধা ব্যক্তি শিক্ষক বিৰেন গগৈয়ে ৷

লগতে পঢ়ক :অৱশেষত দৈয়াং নদীত সন্ধানহীন যুৱক মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details