ডিব্ৰুগড়,4 মাৰ্চ:প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিবলৈ কেইটামান মূহুৰ্ত থকাৰ সময়তে সমষ্টিয়ে সমষ্টিয়ে দলীয় কৰ্মীৰ মাজত দেখা গৈছে সংঘাত । প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ মাজত টিকটৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে লাহোৱালত দেখা গৈছে আন এক ছবি ৷ যুৱ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ প্ৰাৰ্থীত্বৰ দাবীত সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে ৰাজপথলৈ ওলাই আহিছে দলীয় কৰ্মী ৷ জনপ্ৰিয় তথা যুৱ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ বিপৰীতে কোনো প্ৰাথীয়ে আবেদন নকৰাৰ পাছতো সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত বিধায়ক গৰাকীৰ নাম নেদেখাত ক্ষোভিত হৈ পৰিছে বিজেপি দলৰ কৰ্মী সকল ৷ যাৰ লগে লগে বিজেপিত জ্বলিছে ক্ষোভৰ অগনি ।
ঋতুপৰ্ণ বৰুৱাক টিকট প্ৰদানৰ দাবীত উত্তপ্ত লাহোৱাল - some BJP worker protest at lahowal constituency
প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ মাজত টিকটৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে লাহোৱালত দেখা গৈছে আন এক ছবি ৷ যুৱ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ প্ৰাৰ্থীত্বৰ দাবীত সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে ৰাজপথলৈ ওলাই আহিছে দলীয় কৰ্মী ৷ ঋতুপৰ্ণ বৰুৱাক টিকট নিদিলে বহু দলীয় কৰ্মীয়ে দল ত্যাগ কৰিব বুলিও স্পষ্ট কৰি দিয়াৰ লগে লগে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাক প্ৰাৰ্থীত্ব হিচাপে মানি নলয় বুলিও স্পষ্ট কৰি দিয়ে সমষ্টিবাসীয়ে ৷

বিজেপি কৰ্মীৰ দাবী কোনো কাৰণতে লাহোৱাল সমষ্টিত চালানী প্ৰাৰ্থী গ্ৰহণ কৰা নহ'ব ৷ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাক প্ৰাৰ্থীত্ব হিচাপে মানি নলয় সমষ্টিবাসীয়ে। কংগ্ৰেছৰ লগত গোপন বুজা বুজিৰে বিজেপিৰ আমদানিকৃত দুৰ্বল প্ৰাৰ্থী থিয় কৰা বুলিও কান্দি কান্দি ক্ষোভ প্ৰকাশ কৰিছে একাংশ বিজেপি কৰ্মীয়ে। ঋতুপৰ্ণ বৰুৱাক টিকট নিদিলে বহু দলীয় কৰ্মীয়ে দল ত্যাগ কৰিব বুলিও স্পষ্ট কৰি দিয়ে ৷ বিনোদ হাজৰিকা মুৰ্দাবাদ,চালানী প্ৰাৰ্থী গ্ৰহণ কৰা নহ'ব আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে বিজেপি কৰ্মীয়ে ৷
লগতে পঢ়ক:নাওবৈচাত মিত্ৰজোঁটৰ প্ৰাৰ্থীত্বকলৈ অসন্তুষ্ট বিজেপি কৰ্মী