মৰাণ, 24 জানুৱাৰী : বিদ্যুতৰ অবিহনে জীৱনৰ সৰহ সংখ্যক কাল অতিবাহিত কৰা এজন হিতাধিকাৰীক বৈদ্যুতিক সামগ্ৰী প্ৰদানৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ডিব্ৰুগড় জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈয়ে ৷ অধ্যক্ষজনে মৰাণ সমষ্টিৰ তিলৈ নগৰ গাঁও পঞ্চায়তৰ অভয়পুৰীয়াৰ এটি দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰে সৌৰচালিত চ'লাৰ লাইট, ফেন আদি সামগ্ৰী ৷
দীৰ্ঘদিনৰ অন্তত বিদ্যুতৰ পোহৰ দেখিব এজন হিতাধিকাৰীয়ে - Solar light and fan distribution between poor family
এজন হিতাধিকাৰীক বৈদ্যুতিক সামগ্ৰী প্ৰদানৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ডিব্ৰুগড় জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈয়ে ৷ অধ্যক্ষজনে মৰাণ সমষ্টিৰ তিলৈ নগৰ গাঁও পঞ্চায়তৰ অভয়পুৰীয়াৰ এটি দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰে সৌৰচালিত চ'লাৰ লাইট, ফেন আদি সামগ্ৰী ৷
দীৰ্ঘদিনৰ অন্তত বিদ্যুতৰ পোহৰ পাব এজন হিতাধিকাৰীয়ে
উল্লেখ্য যে, তিলৈ নগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ড ফটিকাছোৱা অভয়পুৰীয়া গাঁৱৰ বাসিন্দা লাৱণ্য গোঁহাইৰ পৰিয়ালে দীৰ্ঘদিনৰ পৰাই বিদ্যুতৰ পৰা বঞ্চিত হৈ আহিছিল। এই দৰিদ্ৰ পৰিয়ালটোক বিজুলি পোহৰ যোগান ধৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা অন্যান্য পিছপৰা শ্ৰেনী উন্নয়ন বৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈৰ পদক্ষেপক অঞ্চলটোৰ ৰাইজে শলাগ লৈছে ৷
লগতে পঢ়ক: বিজেপি আৰু আঞ্চলিক শক্তিক ৰুধিব পাৰিবনে কংগ্ৰেছ-এআইইউডিএফে ?