সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজ মৰাণ, ১৩ মাৰ্চ: ১৯৮৫ চনত প্ৰতিষ্ঠা লাভ কৰা মায়ামৰা ভক্তসকলৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৭ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখনি এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব (Session of All Assam Mayamora Cultural Society at Dibrugarh)। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লাহোৱালৰ আলিমূৰ বচাপথাৰ গাঁৱত অহা ২৫ আৰু ২৬ মাৰ্চত অনুষ্ঠিত হ'ব এই অধিৱেশনখনি । ৫০ হাজাৰ ভক্ত সমাগমৰ বাবে ইতিমধ্যে আয়োজক সমিতিয়ে বিশাল মণ্ডপ নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰিছে ।
কাৰ্যসূচী অনুসৰি ২৫ মাৰ্চৰ পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব ডিব্ৰুগড় জিলাৰ মায়ামৰা সাংস্কৃতিক সমাজৰ সভাপতি বিদ্যাধৰ দত্তই । ইয়াৰ পিচতেই কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলন কৰিব সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সভাপতি ড৹ লক্ষ্মীকান্ত হাজৰিকাই । স্মৃতি তৰ্পণ কৰিব সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সম্পাদক ভবেন চেতিয়াই । ধৰ্মীয় কাৰ্যসূচী ভাগৱত থাপনা,পাঠ আৰু গায়ন-বায়ন স্থাপন কৰিব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ মায়ামৰা সত্ৰৰ তত্বাৱধায়ক পোনাৰাম দত্ত আৰু গাঁওবুঢ়া আদেম চেতিয়াই (Sri Sri Aniruddha Dev Mayamra Satra) ।
আনহাতে, ক্ষেত্ৰ আৰু মঞ্চ উন্মোচন কৰিব সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক বুদ্ধেশ্বৰ চুতীয়াই । মায়ামৰা হৰিজীসকলৰ দ্বাৰা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ গীতেৰে উন্মোচন কৰা হ'ব মঞ্চ । তদুপৰি প্ৰতিনিধি শিবিৰ মুকলি কৰিব লাহোৱালৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন্দ্ৰ নাথ সন্দিকৈয়ে । প্ৰতিনিধি শিবিৰ পঞ্জীয়ন কৰিব প্ৰবীন দত্ত, শশীধৰ দাস, পুনিম কোঁৱৰ আৰু অৰুণোদয় গগৈয়ে । আবেলি ৪ বজাত প্ৰতিনিধি সভাৰ আৰম্ভ হ'ব । নিশা ৯,০০বজাত ভক্তিমংগল ঘোষা শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা আৰম্ভ কৰা হ'ব ।
ইফালে, দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি অহা ২৬ মাৰ্চৰ পুৱা ৮ বজাত পৰিৱেশ নিকাকৰণ, সমন্বয় সাংস্কৃতিক কলা কেন্দ্ৰ উদ্যোগত দলীয় মৃদংগ বাদন প্ৰদৰ্শন কৰা হ'ব । দিনৰ ১১ বজাত মুকলি সভা উদ্বোধন কৰিব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বঁটাপ্ৰাপক আৰু ভক্তসাধু নীলমণি হাজৰিকাই । আদৰণি ভাষণ আগবঢ়াব অভ্যৰ্থনা সমিতিৰ সভাপতি হেমন্ত গোঁহাইয়ে । অনুষ্ঠিত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব তিনিচুকীয়া উইমেনছ কলেজৰ অধ্যাপিকা ড৹ কৰবী গগৈ বৰুৱাই । ইপিনে, নিৰ্দিষ্ট ভাষণ আগবঢ়াব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বঁটাপ্ৰাপক বিহালীৰ ভক্তসাধু পুণ্যধৰ দাসে (Sri Sri Aniruddha Dev Award) ।
এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সভাখনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ প্ৰদান বৰুৱা, কৃষি মন্ত্ৰী অতুল বৰা,ডিব্ৰুগড়, জলসিঞ্চন মন্ত্ৰী ৰৰঞ্জিত কুমাৰ দাস আৰু চাহ জনজাতিৰ শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষানেও অতিথি হিচাপে অংশগ্ৰহণ কৰিব । এই সভাত কেইবাগৰাকী মন্ত্ৰী-বিধায়কসকলৰ লগতে মৰাণ -মটকৰ কেইবাটাও জনগোষ্ঠীয় সংগঠন আৰু সাংস্কৃতিক অনুষ্ঠানৰ নেতাই অংশগ্ৰহণ কৰিব ।
মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ আধাৰত ১৬০১ খৃষ্টাব্দত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাই গোপালদেৱৰ আজ্ঞা অনুসাৰে প্ৰতিষ্ঠা কৰা মায়ামৰীয়া এই বৃহৎ শক্তিশালী ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ সকলোশ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড৹ লক্ষীকান্ত হাজৰিকা, প্ৰধান সম্পাদক বুদ্বেশ্বৰ চুতীয়া লগতে অভ্যৰ্থনা সমিতিৰ সভাপতি হেমন্ত গোঁহাই, কাৰ্যকৰী সভাপতি ভবেন চেতিয়া সম্পাদক দীপক পাটগিৰি আৰু প্ৰচাৰ সম্পাদক মুক্তামণি হাজৰিকাই ।
লগতে পঢ়ক:HSLC Gen Science exam: 30 মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা