অসম

assam

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 9:46 PM IST

ETV Bharat / state

প্ৰিয় শিক্ষকক চুমাৰে উপচাই বিদায় জনালে কণ-কণ শিক্ষাৰ্থীয়ে

এদল শিক্ষাৰ্থীয়ে প্ৰিয় শিক্ষকজনক চুমাৰে উপচাই জনালে বিদায় ৷ দুই এজনে থোকাথুকি মাতেৰে ক’লে কাইলৈ যেনে-তেনে এপাক আহিবই ছাৰ ৷ চাবুৱাৰ বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীণ কোঁৱৰৰ বিদায় মূৰ্হুতত দেখা গ'ল আৱেগিক পৰিবেশ ৷

School Teacher Farewell Function
চুমাৰে উপচাই বিদায় প্ৰিয় শিক্ষকক

প্ৰধান শিক্ষকক আৱেগিক বিদায়

ডিব্ৰুগড়, 2 ডিচেম্বৰ : শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক সদায়ে মধুৰ আৰু পবিত্ৰ ৷ এই পবিত্ৰতাক আৰু উমাল কৰি তুলিছে চাবুৱাৰ এজাক ছাত্ৰ-ছাত্ৰীয়ে ৷ এদল শিক্ষাৰ্থীয়ে প্ৰিয় শিক্ষকজনক চুমাৰে উপচাই বিদায় জনোৱাৰ দৃশ্যই সকলোকে আৱেগিক কৰি তুলিছে ৷

কিমান ভাল পালে, শ্ৰদ্ধা ভক্তি উপজিলে কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে চুমাৰে উপচাই শিক্ষগুৰুক বিদায় জনায় সেয়া অনুভৱ কৰাটো বৰ কঠিন ৷ মৰমৰ বাধ্য ছাত্ৰ-ছাত্ৰীক এৰি অৱসৰৰ প্ৰাকমুহূৰ্তত যেতিয়া বিদ্যালয়ত উপস্থিতিৰ শেষ চহীটো মাৰে তেতিয়া প্ৰতিজন দায়িত্বশীল শিক্ষকৰে হাঁত কঁপে ৷ আনহাতে, এনে একোজন শিক্ষক থাকে যাৰ সংস্পৰ্শ কোনো শিক্ষাৰ্থীয়ে কেতিয়াও পাহৰিব নোৱাৰে । এনে পৰিৱেশ আৰু অনুভৱ প্ৰকাশ কৰা এক আৱেগিক বিদায় সম্ভাষণ চাবুৱাৰ বৰবাৰী প্ৰাথমিক বিদ্যালয়ত দেখিবলৈ পোৱা গ’ল ৷

ডিব্ৰুগড় জিলাৰ চাবুৱা অঞ্চলৰ এগৰাকী পৰিচিত অভিনয় শিল্পী প্ৰবীণ কোঁৱৰে শিক্ষকতাৰ পৰা অৱসৰ লাভ কৰাত বিদায় সম্ভাষণ জনাবলৈ আয়োজন কৰা হৈছিল এক বিদায় সম্ভাষণ অনুষ্ঠান ৷ এই অনুষ্ঠানতে বিদায়ী তথা অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীক সম্বৰ্ধনা পত্ৰ, শৰাই, গামোচা, চেলেং, জাপি, স্মাৰক, গ্ৰন্থৰ টোপোলা আগবঢ়োৱা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে বহুতো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলেও তেওঁলোকৰ প্ৰিয় শিক্ষাগুৰুজনক বিদায় মুহূৰ্তত যাঁচে বিভিন্ন উপহাৰ ৷

তদুপৰি বিদ্যালয়ৰ কণকণ ছাত্ৰ-ছাত্ৰী সকলে একোখন গামোচা, কলম, ফুল আগবঢ়াই শ্ৰদ্ধাৰ শিক্ষাগুৰুজনলৈ ৷ ইয়াৰ পিছতেই সকলোৰে প্ৰিয় শিক্ষক প্ৰবীণ কোঁৱৰক কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে গালে-মুখে চুমা খাই বাটলৈকে বিদায় জনাবলৈ যোৱা দৃশ্যই সকলোকে আৱেগিক কৰি তোলে ৷ দুই এজনে শিক্ষাৰ্থীয়ে থোকাথুকি মাতেৰে ক’লে- "কাইলৈ যেনে-তেনে এপাক আহিবই ছাৰ" ৷

লগতে পঢ়ক :অন্য সামগ্ৰীৰ পৰিৱৰ্তে সন্তানক গ্ৰন্থ উপহাৰ দিয়ক: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details