মৰাণ, 20 অক্টোবৰ : বৰাকৰ শিলচৰত অসমীয়া ভাষা(Assamese Language)ক অপমান কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । বৰাক-ব্ৰহ্মপুত্ৰক ‘বৰ অসম’ বুলি আখ্যা দিয়াৰ পাচতো এইদৰে অসমীয়া ভাষা লিখা হ’ৰ্ডিঙত ক’লা ৰং সানি দিয়াৰ বিষয়টোৱে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ সম্পৰ্কত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলিও বহুতে মত প্ৰকাশ কৰিছে ।
শিলচৰৰ এই ঘটনাক লৈ মঙলবাৰে ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম ছাত্ৰ সন্থা(AASU)ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা(Sankor Jyoti Baruah)ই ৷ বৰুৱাৰ মতে, বৰাকৰ এই ঘটনাই প্ৰকৃততে প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ মুখতহে ক’লা ৰং সানি দিলে ।
শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া এইখন অসমত উগ্ৰ বঙালী জাতীয়তাবাদ কৰিবলৈ ক’ৰ পৰা সাহস পালে বুলি প্ৰশ্নও উত্থাপন কৰে শংকৰজ্যোতি বৰুৱাই ৷ লগতে ভাষাটোক অপমান কৰাসকলৰ বিৰুদ্ধে চৰকাৰক শীঘ্ৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে ৷ অন্যথা চৰকাৰে ব্যৱস্থা নল’লে ৰাইজৰ সহযোগত ছাত্ৰ সন্থাই ব্যৱস্থা ল’ব বুলি আছুৰ সম্পাদকগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ।
তদুপৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিবনুৱা সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলিও চৰকাৰক তীব্ৰ সমালোচনা কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷
লগতে পঢ়ক :কংগ্ৰেছ-বামপন্থীয়ে তৃতীয় পক্ষৰে ভাষিক সংঘাত সৃষ্টিৰ আখৰা চলাইছে : বিজেপি