অসম

assam

By

Published : Nov 16, 2021, 5:38 PM IST

ETV Bharat / state

ফেব্ৰুৱাৰীত নাহৰকটীয়াত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন : ব্যাপক প্ৰস্তুতি আৰম্ভ

ফেব্ৰুৱাৰীত নাহৰকটীয়াত অনুষ্ঠিত হব লগা শংকৰ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ ৷ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন সহ ৫ শতাধিক মহিলাই ধান-নৰা কাটি চাফা কৰিলে লাইখুঁটা স্থাপনস্থলী ৷

sankardev-sanghas-general-conference-in-february
ফেব্ৰুৱাৰীত নাহৰকটীয়াত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন : ব্যাপক প্ৰস্তুতি আৰম্ভ

মৰাণ, 16 নবেম্বৰ :অহা ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অনুষ্ঠিত হ’ব উত্তৰ-পূৱৰ সৰ্ব বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ আতিথ্যত আৰু বৃহত্তৰ নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’ব লগা এই অধিৱেশন ভাগিকলৈ এতিয়া ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে সংঘৰ ভকত বৈষ্ণৱৰ মাজত ।

অহা ২১ নবেম্বৰত সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে অধিৱেশন খনিৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰিব । অধিৱেশনৰ লাইখুঁটা স্থাপনৰ প্ৰাকক্ষণত নাহৰকটীয়াৰ ৰাঙলী পথাৰত সোমবাৰে নাহৰকটীয়া, চাচনী, নামৰূপ, দুলীয়াজান, টেঙাখাত, টিংখং আদি অঞ্চলৰ পৰা অহা পাঁচ শতাধিক মহিলাই লাইখুঁটাস্থলীৰ ধান নৰা আদি কাটি অধিৱেশন স্থলী চাফ চিকুণ কৰে ।

ফেব্ৰুৱাৰীত নাহৰকটীয়াত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন : ব্যাপক প্ৰস্তুতি আৰম্ভ

ধান কটাৰ মাজতেই আনন্দ উল্লাহত এপাক বিহুও নাচিলে আই মাতৃসকলে ।

এই নৰা কটা পৰ্বত উপস্থিত থাকি নিজেও ধান নৰা আদি কাটি মহিলা সকলক সহযোগ আগবঢ়ায় প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে । ইতিমধ্যে প্ৰায় ১৫ হেজাৰ ভকত বৈষ্ণৱৰ উপস্থিতিত অনুষ্ঠিত হব লগা লাইখুটা স্থাপন অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলি জানিবলৈ দিছে আদৰণি সমিতিয়ে । অধিৱেশন খনি সাফল্যমণ্ডিত কৰি তুলিবলৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিছে আদৰণি সমিতিয়ে ৷

লগতে পঢ়ক :Income Tax Raid : কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলিল অভিযান

ABOUT THE AUTHOR

...view details