অসম

assam

ETV Bharat / state

মৰাণত ধনসহ আলফা সদস্য গ্ৰেপ্তাৰ - arrest

মৰাণহাট আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই চেপন তিনিআলিত এখন ট্ৰেভেলাৰৰ পৰা নগদ ধনসহ দিচাংমুখ আলিচিঙা গাঁৱৰ বিষ্ণু শৰ্মা নামৰ লোকজনক আটক কৰে ৷ ধৃত বিষ্ণু শৰ্মা আলফাৰ অভাৰ গ্ৰাউণ্ড সদস্য বুলি দাবী কৰিছে আৰক্ষীয়ে ৷ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন দাবী কৰিছিল ধৃত শৰ্মাই ৷

মৰাণত ধনসহ আলফা সদস্য গ্ৰেপ্তাৰ

By

Published : Mar 31, 2019, 1:50 AM IST

ডিব্ৰুগড়, 31 মাৰ্চঃ নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়তে শনিবাৰে মৰাণত নগদ 99,960 টকাসহএজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ মৰাণহাট আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই চেপন তিনিআলিত এখন ট্ৰেভেলাৰৰ পৰা নগদ ধনসহদিচাংমুখ আলিচিঙা গাঁৱৰ বিষ্ণু শৰ্মা নামৰ লোকজনক আটক কৰে ৷ ধৃত বিষ্ণু শৰ্মা আলফাৰ অভাৰ গ্ৰাউণ্ড সদস্য বুলি দাবী কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীৰ মতে আলফাৰঅভাৰ গ্ৰাউণ্ড সদস্য বিষ্ণু শৰ্মাই যোৱা ২ ফ্ৰেব্ৰুৱাৰীত মৰাণ ৰাইচ এণ্ড ফ্ল'ৰ মিলৰ স্বত্বাধিকাৰীক আলফাৰহৈ ধন দাবীকৰিছিল। ৰাইচ মিলৰ স্বত্বাধিকাৰী ৰাহুল পাচাৰীৰ পৰা এক লাখ টকা লৈ যাওঁতে আৰক্ষীৰ জালত পৰে সদস্যজন । ইপিনে ৰাইচ মিলৰ স্বত্বাধিকাৰী ৰাহুল পাচাৰীয়ে প্ৰথমেধন আদায়ৰ কথা অস্বীকাৰ কৰিছিলযদিও আৰক্ষীয়ে ধন দাবীপত্ৰখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ মৰাণহাট আৰক্ষীয়ে ৩৬/১৯ ক্ৰমিক নম্বৰত একগোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি),১২১(এ)৩৮৭/ ধাৰাত বিষ্ণু শৰ্মাক গ্ৰেপ্তাৰ কৰি শনিবাৰে জিলা ন্যায়াধীশৰ ওচৰত হাজিৰ কৰায় ৷অধিক সোধ-পোছৰ বাবে বিদ্ৰোহী সংগঠনৰ সদস্যজনক বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷

ABOUT THE AUTHOR

...view details