চাবুৱা, ২৯ আগষ্ট:এটা দিনে সন্ধানহীন হৈ থকা চাবুৱা পুলুঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ৰুণু গোহাঁইৰ মৃতদেহ উদ্ধাৰ (Dead body of social worker Runu Gohain recovered) । দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল বিশিষ্ট সমাজকৰ্মীগৰাকী (Runu Gohain had been missing since Sunday) ।
চাবুৱা অঞ্চলত এগৰাকী সমাজকৰ্মী হিচাপে সকলোৰে মাজত পৰিচিত ৰুণু গোহাঁই সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছিল চাঞ্চল্য । পৰিয়ালৰ লোকে ৰুণু গোহাঁইৰ কোনো ধৰণৰ সন্ধান লাভ নকৰাত নিশাই চাবুৱা আৰক্ষীৰ থানাত এই সম্পৰ্কত আৰক্ষীক অৱগত কৰিছিল । কিন্তু সন্ধানহীন হোৱাৰ এটা নিশাৰ পাছতে সোমবাৰে ৬০ উৰ্দ্ধৰ ৰুণু গোহাঁইৰ মৃতদেহ বেতমেলা গাঁৱৰ নিজগৃহৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ হয় ।