টিংখাং, 1 আগষ্ট : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ লেঙেৰীত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা এবছৰ নহওঁতেই খহি পৰিল ডিব্ৰুৱাল গড়কাপ্তানি পথৰ কালভাৰ্ট । উল্লেখ্য যে, 2016-17 বৰ্ষত 71.81 লাখ টকা ব্যয়ৰে পথটো পুনৰ নিৰ্মাণ আৰু মেৰামতি বাবে সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিতিত আধাৰশিলা কৰিছিল টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াই ।
সেইমৰ্মে 2019 চনৰ মাজভাগত তপন দত্ত নামৰ ঠিকাদাৰজনে পথটোৰ কাম সম্পূৰ্ণ কৰিছিল । কিন্তু ৰাইজৰ অভিযোগ অনুসৰি, ঠিকাদাৰে অতি নিম্নমানদণ্ডৰ সামগ্ৰীৰে পথটোৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ডিমৌ নদীৰ ওপৰত থকা কালভাৰ্টটোৰ বৃহৎ অংশ এটা তললৈ খহি পৰে । ইয়াকে লৈ চিন্তিত পৰিছে স্থানীয় ৰাইজ । কিয়নো উক্ত পথটোৰে দৈনিক বিভিন্ন যান-বাহন চলাচল কৰে ।