অসম

assam

ETV Bharat / state

খোৱাঙত চৰকাৰে মুকলি কৰিব ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ

ৰাজ্য চৰকাৰৰ জাননী মৰ্মে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত মুকলি কৰিবলগীয়া ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰৰ কাৰ্যপ্ৰণালী তথা সুচাৰুৰূপে পৰিচালনা সম্পৰ্কে আলোচনাৰ বাবে শুকুৰবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

By

Published : Jan 30, 2021, 10:21 AM IST

খোৱাঙত ৰাজ্য চৰকাৰে মুকলি কৰিব ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ
খোৱাঙত ৰাজ্য চৰকাৰে মুকলি কৰিব ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ

মৰাণ, 30 জানুৱাৰীঃ ভাৰতীয় খাদ্য নিগমে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ কৃষক ৰাইজৰ বাবে আনিছে ভাল খবৰ । কৃষকক ধানৰ উচিত মূল্য দিয়াৰ স্বাৰ্থতেই খোৱাঙত ৰাজ্য চৰকাৰে মুকলি কৰিব ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ । ৰাজ্য চৰকাৰৰ জাননী মৰ্মে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত মুকলি কৰিবলগীয়া ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰৰ কাৰ্যপ্ৰণালী তথা সুচাৰুৰূপে পৰিচালনা সম্পৰ্কে আলোচনাৰ বাবে শুকুৰবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

খোৱাঙত ৰাজ্য চৰকাৰে মুকলি কৰিব ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ

সভাত অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা,সহকাৰী আয়ুক্ত জয় শিৱানী,ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক প্ৰৱন্ধক,খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক,জিলা কৃষি বিষয়াকে প্ৰমূখ্যে কৰি ভাৰতীয় খাদ্য নিগম আৰু খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে। সভাত জিলা উপায়ুক্তই উক্ত ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰীৰ বাবে কৃষক সকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় সেইতো নিশ্চিত কৰিবলৈ বিষয়াবৰ্গক নিৰ্দ্দেশ দিয়ে।

ইয়াৰোপৰি এই সম্পৰ্কত আগ্ৰহী কৃষক সকলৰ মাজত চৰকাৰী নিৰ্ধাৰিত ন্যূনতম সমৰ্থন মূল্যৰ সুবিধা আদায়ৰ বাবে সচেতনতা অনাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰীৰ বাবে আগ্ৰহী কৃষকসকলৰ সুবিধা হোৱাকৈ প্ৰয়োজনীয় তথ্য পাতি ক্ৰমে কৃষক প্ৰমাণ পত্ৰ, কৃষকৰ বেংক একাউন্টৰ তথ্য আৰু পৰিচয় পত্ৰ আদি আগতীয়াকৈ পৰীক্ষণৰ ব্যৱস্থা কৰি সহজ ভাৱে ধান বিক্ৰীৰ বাবে কৃষকসকলৰ সহায়ক হোৱাকৈ প্ৰাৰম্ভিক ব্যৱস্থাপনা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। 'ধান ক্ৰয় কেন্দ্ৰ' ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে কাৰ্য্যক্ষম হ'ব আৰু ইয়াৰ নিৰ্ধাৰিত স্থান আৰু তাৰিখ সম্পৰ্কে শীঘ্ৰেই জনোৱা হ'ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়কঃ বদৰুদ্দিন আজমল চৰম সাম্প্ৰদায়িক মানুহ: আমিনুল হক লস্কৰ

ABOUT THE AUTHOR

...view details