অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত মুকলি ধান ক্ৰয় কেন্দ্ৰ

ভাৰতীয় খাদ্য নিগমৰ সহযোগত ডিব্ৰুগড়ত মুকলি কৰা হ'ল এটা ধান ক্ৰয় কেন্দ্ৰ ৷ কৃষকৰ পৰা নূন্যতম মূল্যত ধান সংগ্ৰহৰ লক্ষ্যৰে মুকলি কৰা হয় এই কেন্দ্ৰটো ৷

By

Published : Feb 10, 2021, 9:54 AM IST

ডিব্ৰুগড়ত মুকলি ধান ক্ৰয় কেন্দ্ৰ
ডিব্ৰুগড়ত মুকলি ধান ক্ৰয় কেন্দ্ৰ

ডিব্ৰুগড়,10ফেব্ৰেুৱাৰী: ডিব্ৰুগড়ৰ কৃষক সকলৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ভাৰতীয় খাদ্য নিগমে ৷ ডিব্ৰুগড় জিলাৰ খোৱাঙত ভাৰতীয় খাদ্য নিগমে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহযোগত কৃষকৰ পৰা নূন্যতম মূল্যত ধান সংগ্ৰহৰ লক্ষ্যৰে মংগলবাৰৰ পৰা কাৰ্যক্ষম হোৱাকৈ এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয় ৷ সপ্তাহত তিনিটা দিন সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে খোলা থাকিব কেন্দ্ৰটো ৷ এই ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে গুণগত মান সম্পন্ন ধান কৃষকৰ পৰা প্ৰতি কুইণ্টল ধান ১৮৬৮ টকাত ক্ৰয় কৰা পাৰিব বুলি জানিব পৰা গৈছে ৷ মংগলবাৰে খোৱাং ঘাটত থকা বেৰীয়া ধান মিলত এই ধান ক্ৰয় কেন্দ্ৰটি মুকলি কৰে ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাই ৷ এই ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা মুঠ ২০০০ মেট্ৰিক টন ধান সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷

ডিব্ৰুগড়ত মুকলি ধান ক্ৰয় কেন্দ্ৰ

বিগত বৰ্ষত ডিব্ৰুগড় জিলাত দুটা ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছিল যদিও উক্ত ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰীৰ প্ৰতি কৃষকে আশানুৰূপ সঁহাৰি নিদিয়াত চলিত বৰ্ষত ডিব্ৰুগড় জিলাত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হোৱা নাছিল ৷ কিন্তু কেইগৰাকীমান ইচ্ছুক কৃষকে এই দিশটো ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাক দৃষ্টিগোচৰ কৰাত তেওঁ নিজাববীয়াকৈ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু ভাৰতীয় খাদ্য নিগমৰ সৈতে যোগাযোগ কৰি ডিব্ৰুগড় জিলাত এই ধান ক্ৰয় কেন্দ্ৰটো মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

উল্লেখ্য যে, মুকলি বজাৰত বৰ্তমান কৃষক সকলে ধান বিক্ৰী কৰি প্ৰতি কুইণ্টলত ৮০০ টকাৰ পৰা ১২০০ টকা লাভ কৰি আহিছে ৷ কিন্তু এই ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে কৃষকক প্ৰতি কুইণ্টলত ১৮৬৮ টকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ কেন্দ্ৰটো শুভাৰম্ভণি কৰা অনুষ্ঠানত সহকাৰী আয়ুক্ত জয় শিৱানী, ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক বিষয়া সন্দীপন বৰঠাকুৰ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ সঞ্চালক গানন্দ চাংমাই, জিলা কৃষি বিষয়া যোগানন্দ চাংমাই উপস্থিত থাকে ৷

অন্য এক খবৰৰ বাবে: কলগাছিয়াত পথ দুৰ্ঘটনা: আহত দুজন

ABOUT THE AUTHOR

...view details