অসম

assam

ETV Bharat / state

ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড সন্দৰ্ভত পৰ্যালোচনা সভা

ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যক মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় ৷

By

Published : May 14, 2021, 3:06 PM IST

ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড পৰিস্থিতিক লৈ পৰ্যালোচনা সভা
ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড পৰিস্থিতিক লৈ পৰ্যালোচনা সভা

মৰাণ, 14 মে’ : ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৰ্তমান পৰিস্থিতিত ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ, শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় । সভাত মন্ত্ৰীগৰাকীয়ে ক'ভিডৰ এই প্ৰত্যাহ্বান সকলোৰে সহায় সহযোগিতা আৰু মিলিত প্ৰচেষ্টাৰে নিৰ্মূল কৰিব লাগিব বুলি মন্তব্য কৰে ৷

ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড পৰিস্থিতিক লৈ পৰ্যালোচনা সভা

তেওঁ ৰাইজক ক'ভিড সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে জাৰি কৰা সকলো নিয়ম-নীতি পালন কৰাৰ উপৰিও বিশেষকৈ চাহ বাগিছা এলেকাসমূহত সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সকলো কৰ্মচাৰীয়ে এশ শতাংশ মাক্স পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলা আৰু চেনিটাইজেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে । মন্ত্ৰীগৰাকীয়ে ক'ভিড মহামাৰীক প্ৰতিহত কৰাৰ ক্ষেত্ৰত আৰু ইয়াৰ দ্বাৰা জিলাখনত সংক্ৰমিত হোৱা ৰোগীসকলক চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় ।

উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত এই সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক প্ৰতীক থুবে, বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, পোণাকন বৰুৱা, অতিৰিক্ত উপায়ুক্তসকল, স্বাস্থ্য বিভাগৰ চিকিৎসক বিষয়াসকল, আই.চি.এম.আৰৰ বিষয়াৰ উপৰিও বিভিন্ন চাহবাগিছাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।


লগতে পঢ়ক : বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ক’ভিড সম্পৰ্কীয় বৈঠক

ABOUT THE AUTHOR

...view details