অসম

assam

ETV Bharat / state

Bad condition of Farmers: বৰষুণ, খহনীয়াই সৰ্বস্বান্ত কৰিছে কৃষকক - কৃষক ৰাইজ

বৰষুণ আৰু খহনীয়াৰ কবলত জুৰুলা হৈছে ৰাজ্যৰ একাংশ কৃষক ৷ ডিব্ৰুগড়ত একে লেঠাৰিয়ে কেইবাদিনো ধৰি বৰষুণ দিয়াৰ ফলত কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

Bad condition of Farmers
বৰষুণ, খহনীয়াই সৰ্বস্বান্ত কৰিছে কৃষকক

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:37 PM IST

বৰষুণ, খহনীয়াই সৰ্বস্বান্ত কৰিছে কৃষকক

মৰাণ, 24 আগষ্ট : এয়া খেতিৰ বতৰ ৷ ৰাজ্যৰ কৃষক ৰাইজৰ যেন সমস্যাৰ অন্ত নাই। কৰবাত যদি সেউজীয়া হৈ পৰা পথাৰৰ ধান পোকে খাই নষ্ট কৰিছে আন কৰবাত বৰষুণৰ বাবে নষ্ট হৈছে কৃষকৰ কষ্টৰ ফচল। ডিব্ৰুগড়ত একে লেঠাৰিয়ে কেইবাদিনো ধৰি বৰষুণ দিয়াৰ ফলত কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

চহৰখনৰ উপকন্ঠ বৃহত্তৰ বগীবিল আইথান অঞ্চলত শ শ বিঘা শাক-পাচলি পানীত নষ্ট হৈছে । অঞ্চলটোত বসবাস কৰা প্ৰায় 100 শতাংশ লোক কৃষিকৰ্মৰ লগত জড়িত ৷ নিজ খেতিৰেই পৰিয়াল পোহপাল কৰি ঘৰ সংসাৰ চলায় এইসকল গঞাই। এতিয়া বৰষুণৰ পানীয়ে কৃষকৰ খেতি নষ্ট কৰি দিয়াৰ ফলত এতিয়া মূৰে কপালে হাত দিছে এই সকল কৃষক ৰাইজে। নেৰানেপেৰা বৰষুণত খেতি নষ্ট হোৱাত অসহায় হৈ পৰিছে গঞা ।

অঞ্চলটোৰ কৃষকসকলে জাতি লাও, কোমোৰা, ভেণ্ডি, তিঁয়হ, বেঙেনাকে ধৰি বিভিন্ন পাচলিৰ খেতি কৰিছিল। কিন্তু বৰষুণৰ বাবে গছসমূহ মৰিবলৈ আৰম্ভ কৰাত পাচলিসমূহো গেলিবলৈ আৰম্ভ কৰিছে । এতিয়া এই সকল কৃষক ৰাইজৰ শেষ ভৰষা চৰকাৰৰ ওপৰত। ইয়াৰ পিচতে কৃষকে চৰকাৰক সহায় কৰিবলৈ আহ্বান জনাইছে ।

ইয়াৰ উপৰতে ভূতৰ ওপৰত দানহ পৰাদি অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীয়ে ভয়াবহ গৰাখহনীয়াৰ সৃষ্টি কৰিছে । ইতিমধ্যে ভয়াবহ গৰাখহনীয়াৰ ফলত বিগত 10 টা দিনত 50 বিঘা মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ৷ গৈছে। কেৱল এইয়াই নহয় গৰাখহনীয়াৰ ফলত বগীবিলত থকা অসমৰ অন্যতম পৰ্যটনৰ ধৰ্মীয়স্থান কলী আই থানৰ প্ৰতিও প্ৰবল ভাবুকিৰ সৃষ্টি কৰিছে ৷

ইতিমধ্যে গৰাখহনীয়াই অঞ্চলটোৰ কৃষকৰ বেঙেনা, কচু, ডাংবডি, তিয়ঁহ, অমিতা আদি সেউজীয়া শাক-পাচলিৰ খেতিমাটি উটুৱাই লৈ গৈছে। যাৰ ফলত অঞ্চলটোৰ 150 টা কৃষি পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মুঠৰ ওপৰত সমস্যাই লগ নেৰা হৈছে ডিব্ৰুগড় বগীবিলৰ এইসকল কৃষকক।

লগতে পঢ়ক:APDCL Contractual appointment: অস্থায়ীক স্থায়ী নকৰি ঠিকাত ল’ব খুজিছে শক্তি বিভাগে; কৰ্মচাৰী নাৰাজ

ABOUT THE AUTHOR

...view details