অসম

assam

ETV Bharat / state

পথ নিৰ্মাণৰ দাবীৰে টিংখাঙত শতাধিক ৰাইজৰ প্ৰতিবাদ - চি পি আই (এম)

দেওবাৰে টিংখাঙৰ ৰাজপথত ওলাই আহিল কেইবাখনো গাঁৱৰ শতাধিক ৰাইজ ৷ সৰোজিনী চাহ বাগিচাৰ চিলিং গ্ৰাণ্টৰ পৰা চেঁচা নেপালীলৈকে ৩০ কিলোমিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণৰ কামত বাধা প্ৰদান কৰা চি পি আই (এম) নেতা বলিন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ ৷

টিংখাঙত শতাধিক ৰাইজৰ প্ৰতিবাদ
টিংখাঙত শতাধিক ৰাইজৰ প্ৰতিবাদ

By

Published : Aug 10, 2020, 5:30 PM IST

টিংখাং, 10 আগষ্ট: চি পি আই (এম) নেতা বলিন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰৰ দাবীৰে দেওবাৰে টিংখাঙৰ ৰাজপথলৈ ওলাই আহিল কেইবাখনো গাঁৱৰ শতাধিক ৰাইজ ৷ এটা পথৰ বাবে দীৰ্ঘদিনে দুৰ্ভোগ ভুগি আহিছে টিংখাঙৰ এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷ শেহতীয়াকৈ টিংখাঙৰ সৰোজিনী চাহ বাগিছাৰ চিলিং গ্ৰাণ্টৰ পৰা চেঁচা নেপালীলৈকে ৩০ কিলোমিটাৰ দৈৰ্ঘৰ এটা পথ নিৰ্মাণ কৰিবলৈ অনুমোদন প্ৰদান কৰিছিল চৰকাৰে ৷ কিন্তু এই পথটো নিৰ্মাণ কৰিবলৈ গ'লে কেইটামান পৰিয়ালৰ সামান্য পৰিমাণৰ ভূমি ক্ষতিগ্ৰস্ত হ'ব ৷

পথ নিৰ্মাণৰ দাবীৰে টিংখাঙত শতাধিক ৰাইজৰ প্ৰতিবাদ

সেই বিষয়ৰ দোহাই দি চি পি আই (এম) নেতা বলিন্দ্ৰ শইকীয়াই কৃষক মহাসভাৰ নামত জিলা উপায়ুক্তৰ ওচৰত আবেদন জনাই পথটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

উক্ত পথটো নিৰ্মাণ হ'লে বহু কেইখন গাঁৱৰ ৰাইজৰ যাতায়াতৰ সুচল হৈ পৰিব ৷ কিন্তু তাকে নকৰি পথটো নিৰ্মাণৰ কাম বন্ধ কৰি দিয়া কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে শতাধিক ৰাইজে ৷ যাৰ বাবে প্ৰতিকূল বতৰকো নেওচি টিংখাঙৰ কেইবাখনো গাঁৱৰ ৰাইজ ৰাজপথলৈ ওলাই আহি, দেওবাৰে নেতা বলিন্দ্ৰ শইকীয়াৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৷ ইয়াৰ লগতে টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ো ঘেৰাও কৰি নেতা বলিন্দ্ৰ শইকীয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ কৰাৰ দাবীৰে ৷ ৰাইজে নেতা গৰাকীক গ্ৰেপ্তাৰৰ দাবীৰ লগতে পথটোৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰিবলৈ চক্ৰ বিষয়াক এখন স্মৰক পত্ৰও প্ৰদান কৰে ৷

লগতে পঢ়ক:মৰিগাঁৱত চৰকাৰৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details