মৰাণ, 23 আগষ্ট : ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নাৰী সুৰক্ষাৰ কথা কৈ থকা সময়তে ধেমাজিত যুৱকৰ দাৰ ঘাপত ছাত্ৰীৰ সংকটজনক অৱস্থাৰ সৃষ্টি হ’ল ৷ শনিবাৰে, ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াক একেখন কলেজৰে গ্ৰন্থাগাৰৰ কৰ্মচাৰী ৰিন্টু শৰ্মাই দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল । এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে দুলীয়াজানৰ পিপলতল তিনিআলিত উত্তপ্ত প্ৰতিবাদত নামি পৰিল বিভিন্ন দল সংগঠন ৷
নন্দিতাক আক্ৰমণকাৰী ৰিন্টু শৰ্মাক ফাষ্টটেক আদালতত বিচাৰ কৰাৰ দাবীত দুলীয়াজানত দল-সংগঠনে সাব্যস্ত কৰে এই প্ৰতিবাদ । তাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া মহিলা মঞ্চই দুলীয়াজানৰ পিপলতল তিনিআলিত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পিছত প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
এই প্ৰতিবাদী কাৰ্য্যসূচীৰ ফলত বহু সময় ধৰি দুলীয়াজান- ডিব্ৰুগড়- তিনিচুকীয়া সংযোগী মূল গড়কাপ্তানি পথত লঘু আৰু গধুৰ যানবাহন চলাচল অচল হৈ পৰে । ইফালে, প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ এখনো সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে ।