অসম

assam

ETV Bharat / state

অইলৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল দুলীয়াজান - দুলীয়াজানত প্ৰতিবাদ

Protest against OIL: প্ৰতিবাদ, অনশনত উত্তাল হৈছে দুলীয়াজান । কাৰিকৰী পদৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ তদন্তৰ দাবীত ছাত্ৰ মুক্তিৰ আমৰণ অনশন । চাৰিটা দিন পাৰ হোৱা পাছতো গুৰুত্ব নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ।

Protest against OIL continue in Duliajan
অইলৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল দুলীয়াজান

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 1:31 PM IST

অইলৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল দুলীয়াজান

মৰাণ,৯ জানুৱাৰী: অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ তদন্তৰ দাবীত প্ৰতিবাদ, অনশনত উত্তাল হৈছে দুলীয়াজান । কাৰিকৰী নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত ব্যাপক বিসংগতি আৰু অনিয়মৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰা আমৰণ অনশন কাৰ্যসূচীয়ে আজি চতুৰ্থ দিন অতিক্ৰম কৰাৰ পিছতো অইল ইণ্ডিয়াৰ তৰফৰপৰা কোনোধৰণৰ সঁহাৰি জনোৱা নাই বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।

ধাৰাবাহিক প্ৰতিবাদৰ প্ৰতি গুৰুত্ব নাই অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ । তৈল প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তিয়ে ৰূপায়ণ কৰা এই অনশন কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ লগতে বিভিন্ন দল-সংগঠনে সমৰ্থন আগবঢ়াইছে । আনকি অইল ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন ইণ্ডিয়ান অইল ৱকাৰ্ছ ইউনিয়নৰ সভাপতি ৰাজীৱ দিহিঙীয়া আৰু সম্পাদক ভাস্কৰজ্যোতি বড়াসহ এটা দল সোমবাৰে অনশনস্থলীত উপস্থিত হৈ অনশনকাৰী সকলক সমৰ্থন কৰা লগতে তেওঁলোকৰ স্বাস্থ্য বুজ লয় ।

ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাৰ টেঙাখাত, চাবুৱা, দেওশাল আৰু ডিকম আদি তৈলক্ষেত্ৰ এলেকাত অনিৰ্দিষ্টকালীন অইল বন্ধ কাৰ্যসূচী গ্ৰহণ কৰা কৰিছে ছাত্ৰ মুক্তিকে ধৰি কেইবাটাও দল-সংগঠনে । আনকি সোমবাৰে বিয়লি দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ আৰক্ষী চকী অন্তৰ্গত বালিজানৰ তৈলক্ষেত্ৰৰ সন্মুখত অইলৰ ইণ্ডিয়াৰ পৰিচালক ৰঞ্জিত ৰথৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও দল-সংগঠনে ।

সকলোৱে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা বা বিসংগতিপূৰ্ণ পৰীক্ষাৰ তদন্তৰ দাবী জনাইছে যদিও গুৰুত্ব নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ । অইল ইণ্ডিয়া কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰিলে অইলৰ মুখ্য কাৰ্যালয় অচল কৰি দিয়াৰ লগতে ডিব্ৰুগড় জিলাৰ সকলো তৈলক্ষেত্ৰ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে দল-সংগঠনসমূহে ।

উল্লেখযোগ্য যে যোৱা বৰ্ষত ২০ অক্টোবৰত ১৮৭ টা কাৰিকৰী পদৰ বাবে অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল-সংগঠনে এই বিসংগতিৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্তু এই বিসংগতিপূৰ্ণ পৰীক্ষা সম্পৰ্কত অইল কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দুলীয়াজানৰ অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

লগতে পঢ়ক:আলফাৰ ত্ৰিপাক্ষিক চুক্তিয়ে অসমীয়াৰ আৱেগক আঘাত কৰিছে: নৱ শৰণীয়া

ABOUT THE AUTHOR

...view details