মৰাণ, 5 আগষ্ট : ‘‘বাহিৰা লোকৰ প্ৰৰোচনাত মৰাণ মহাবিদ্যালয় ছাত্ৰ সমাজে অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক উশৃংখল পৰিবেশ সৃষ্টি কৰিছে ৷ ড৹ মিতালী কোঁৱৰ অধ্যক্ষা হৈ থকাৰ দিনত মৰাণ মহাবিদ্যালয়ত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হোৱা নাই ৷’’ অৱশেষত সাংবাদিকক সম্বোধন কৰি এইদৰে মন্তব্য প্ৰকাশ কৰিলে ড৹ মিতালী কোঁৱৰে ৷
শিশু নিৰ্যাতনৰ লগত অভিযুক্ত ড৹ মিতালী কোঁৱৰৰ কাৰ্যকালত মহাবিদ্যালয়ত বিভিন্ন কামত অনিয়ম এক সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপন কৰিছে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে । মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড° মিতালী কোঁৱৰৰ বিৰুদ্ধে মহাবিদ্যালয়ত ছাত্ৰ সমাজে প্ৰতিদিনেই কৰি গৈছে প্ৰতিবাদ । বিগত দিন কেইটাত ড° মিতালী কোঁৱৰক মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে পুনৰ নিয়োগ কৰা পাচতে প্ৰায়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ছাত্ৰ সমাজে ৷
লগতে পঢ়ক :আকৌ এবাৰ বিতৰ্কত principal বাইদেউ !
ছাত্ৰ সমাজে সদৰি কৰা মতে মৰাণ মহাবিদ্যালয় অধ্যক্ষা হিচাপে ড৹ মিতালী কোঁৱৰক কেতিয়া মানি লোৱা নহয় ৷ এই বিষয়ত অধ্যক্ষা ড৹ মিতালী কোঁৱৰে সাংবাদিকৰ আগত কয়, তেখেতৰ কাৰ্যকালত কোনো দুৰ্নীতি সংঘটিত হোৱা নাই । তেখেতে চৰকাৰৰ নিৰ্দেশনালৈহে মহাবিদ্যালয়ত পুনৰ অধ্যক্ষা হিচাপে যোগদান কৰিছে ৷