অসম

assam

ETV Bharat / state

ক'ভিডৰ সুযোগ লৈ গুটখা জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি - মূল্যবৃদ্ধি

পূৰ্বৰ তুলনাত ডিব্ৰুগড়ত দ্ৰুতগতিত বৃদ্ধি পাইছে গুটখা, পাণ-মচলাৰ মূল্য ৷ একাংশ দুষ্ট ব্য়ৱসায়ীয়ে ইচ্ছা অনুসৰি ক'ভিড-19 ৰ সংক্ৰমণৰ সুযোগ বুজি গুটখা জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে খুচুৰা ব্যৱসায়ীসকলে ৷

ক'ভিডৰ সুযোগত ডিব্ৰুগড়ত গুটখা জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি
ক'ভিডৰ সুযোগত ডিব্ৰুগড়ত গুটখা জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি

By

Published : Apr 26, 2021, 1:22 PM IST

মৰাণ,26 এপ্ৰিল:ক'ভিড-19 ৰ সংক্ৰমণৰ সুযোগ বুজি ডিব্ৰুগড়ত একাংশ অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে গুটখা, পাণ-মচলাৰ মূল্য ৷ ৰাজ্যত সান্ধ্য আইন জাৰি কৰাৰ পাচতে একাংশ দুষ্ট ব্য়ৱসায়ীয়ে ইচ্ছা অনুসৰি বৃদ্ধি কৰিছে চুপাৰী, পাণ-মচলা আৰু গুটখা জাতীয় সামগ্ৰীৰ মূল্য ৷

ক'ভিডৰ সুযোগ লৈ গুটখা জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি

পূৰ্বৰ তুলনাত দ্ৰুতগতিত হোৱা মূল্যবৃদ্ধিয়ে এতিয়া হাহাকাৰ লগাইছে খুচুৰা ব্যৱসায়ী তথা গ্ৰাহকৰ মাজত ৷ কিন্তু হঠাতে এনেকৈ পাইকাৰী ব্য়ৱসায়ীসকলে মূল্যবৃদ্ধি কৰাত বিপদত পৰিছে খুচুৰা ব্যৱসায়ীসকল ৷ ব্য়ৱসায়ীসকলৰ মতে, ডিব্ৰুগড়ৰ বজাৰত কোনো অসাধু চক্ৰই চলাই আছে গুটখা জাতীয় সামগ্ৰীৰ চিণ্ডিকেট ৷ যাৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য ৷

লগতে পঢ়ক:গালীত ড্ৰাগছৰ ঘাটি উৎখাত

ABOUT THE AUTHOR

...view details