অসম

assam

By

Published : Mar 23, 2021, 11:43 AM IST

ETV Bharat / state

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰিব অসম জাতীয় পৰিষদে

মৰাণ সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ ৷ সংবাদমেল আযোজন কৰি এই মন্তব্য অসম জাতীয় পৰিষদৰ ৷

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ
মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ

মৰাণ, 23মাৰ্চ: সোমবাৰে নিশা মৰাণৰ হোটেল বৰলুইতত অসম জাতীয় পৰিষদে আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলযোগে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে ৷

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ

উল্লেখ্য যে, বিধায়ক চক্ৰধৰ গগৈয়ে ২০২১ চনৰ মনোনয়ন পত্ৰৰ লগত দিয়া সম্পত্তিৰ হিচাপ আৰু ২০১৫-১৬ চনৰ মনোনয়ন পত্ৰৰ লগত দিয়া সম্পত্তিৰ হিচাপৰ মাজত বৃহৎ পাৰ্থক্যৰ বাবে ডিব্ৰুগড় আদালতত এই গোচৰ তৰাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ । এই কথা সংবাদমেলযোগে প্ৰকাশ কৰিছে দলটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱাই ।

আনহাতে, এইবাৰ নিৰ্বাচনত মৰাণৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সঞ্জীৱ চাংমাইক ৰাইজে বিপুল সহাঁৰি জনোৱাৰ লগতে আঞ্চলিকতাবাদৰ চৰকাৰ গঠনৰ বাবে মৰাণৰ ৰাইজে বিজেপি আৰু কংগ্ৰেছক বিদায় দিব বুলিও মন্তব্য কৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি গৰাকীয়ে ।‌ এই সংবাদমেলত অসম জাতীয় পৰিষদৰ সংখ্যালঘু শক্তিৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জাকিৰ হুছেইন, জাতীয় পৰিষদৰ মৰাণ সমষ্টিৰ মনোনীত প্ৰাৰ্থী সঞ্জীৱ চাংমাই আৰু জিলা সমিতিৰ বিশ্বজিৎ বৰা উপস্থিত থাকে ।

লগতে পঢ়ক:কংগ্ৰেছ বিজেপিৰ বাবে ফেক্টৰেই নহয়: কৃপানাথ মাল্লাহ

ABOUT THE AUTHOR

...view details