ডিব্ৰুগড়, 2 নৱেম্বৰ: বিগত ২০ অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাই (Non Provincialized Teacher Employee Association) এক আলোচনাত মিলিত হৈছিল ৷ এই আলোচনাৰ পিছতে আনন্দিত হৈ পৰিছে অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকল ।
বুধবাৰে মৰাণৰ মন্দাকিনী হোটেলত এক সংবাদমেল আয়োজন কৰি অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ নেতৃত্বই ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Press meet in Dibrugarh) । মুখ্যমন্ত্ৰীৰ সৈতে অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ নেতৃত্বৰ হোৱা আলোচনাত মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ আশ্বাস দিছিল বুলি সন্থাৰ নেতৃত্বই সংবাদমেলত সদৰী কৰে ৷
মুখ্যমন্ত্ৰীয়ে বিগত ২০০৬ চনৰ 1 জানুৱাৰীৰ আগতে স্থাপিত যিমান বিলাক শিক্ষানুষ্ঠান আছে সকলো শিক্ষানুষ্ঠানকে প্ৰাদেশীকৃত কৰিব বুলি এক আশ্বাসো প্ৰদান কৰিছিল এই আলোচনা যোগে ৷ ইয়াৰ উপৰিও ২০১৩ আৰু ২০২১ চনত বাদ পৰি ৰোৱা শিক্ষকসকলকো এৰা-ধৰা মাধ্যমেৰে কিছু ভাল খবৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ ১০ জনীয়া দলটোক অৱগত কৰিছিল বুলি জানিবলৈ দিয়ে অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ নেতৃত্ববৃন্দই ৷